ETV Bharat / bharat

উঃপ্ৰদেশত প্ৰধানমন্ত্ৰীয়ে আজি মুকলি কৰিব বিমানবন্দৰ, ৰে’ল পথৰ লগতে 782 টা প্ৰকল্প

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:17 AM IST

PM Modi in UP : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজমগড়ৰ মান্দুৰী বিমানবন্দৰ উদ্বোধন কৰিব ৷ সমান্তৰালভাৱে আন 8 খন ৰাজ্যৰ সৈতে গাজীপুৰক সংযোগ কৰোৱাৰ বাবে নতুন ৰে’ল লাইনৰ ব্যৱস্থাৰ লগতে 782 টা প্ৰকল্প মুকলি কৰিব ৷

উঃপ্ৰদেশত প্ৰধানমন্ত্ৰীয়ে আজি মুকলি কৰিব বিমানবন্দৰ, ৰে’ল পথৰ লগতে 782 টা প্ৰকল্প
উঃপ্ৰদেশত প্ৰধানমন্ত্ৰীয়ে আজি মুকলি কৰিব বিমানবন্দৰ, ৰে’ল পথৰ লগতে 782 টা প্ৰকল্প

নেশ্যনেল ডেস্ক, 10 মাৰ্চ : নিৰ্বাচনৰ পূৰ্বে তৎপৰ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আজি আজমগড় আৰু গাজীপুৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । আজমগড়ৰ ৰাজ্যিক বিশ্ববিদ্যালয়, বিমানবন্দৰ আৰু গাজীপুৰৰ সোনৱালৰ পৰা নগৰলৈ আৰু ঘাটলৈ নতুন ৰে’লপথৰ উদ্বোধন কৰা হ’ব । সমান্তৰালকৈ আঠখন ৰাজ্যত মুঠ 34 হাজাৰ 676.29 কোটি টকাৰ 782 টা প্ৰকল্পও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ ভিতৰত আজমগড়ৰ 626 কোটি টকাৰ প্ৰকল্পও অন্তৰ্ভুক্ত ।

আজমগড়ত প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ এদিন পূৰ্বে শনিবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সভাস্থলী পৰিদৰ্শন কৰে । আজমগড়ত উদ্বোধন হ’বলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে ৰাজ্যিক বিশ্ববিদ্যালয়, মান্দুৰী বিমানবন্দৰ, ৰে’লৱে ঘাইপথ, পথ পৰিবহণ, গৃহ নিৰ্মাণ, গ্ৰাম্য আৰু নগৰ উন্নয়ন আৰু ৰাজ্যিক খণ্ডৰ প্ৰকল্প ।

মান্দুৰী বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ বিমান । ইয়াৰ পৰা কেইখোজমান দূৰৈত উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । জিলাখনত প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । সমগ্ৰ অঞ্চলটোত প্ৰধানমন্ত্ৰী মোদীৰ পোষ্টাৰ আৰু হৰ্ডিঙৰ লগতে বিজেপিৰ পতাকা লগোৱা হৈছে ।

ভানৱৰনাথৰ পৰা মান্দুৰী বিমানবন্দৰলৈ যোৱা পথৰ দুয়োটা ট্ৰেকতে বিভিন্ন ঠাইত বৃহৎ বৃহৎ হৰ্ডিং লগোৱা হৈছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত এক ডজনৰো অধিক হেলিকপ্টাৰ অহাৰ সম্ভাৱনা আছে, যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিমানবন্দৰৰ দুয়োকাষে হেলিপেড নিৰ্মাণ কৰিছে ।

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে গ্ৰহণ কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা । এডিজি বাৰাণসী মণ্ডল পীয়ুষ মৰ্ডিয়াই ৰাজহুৱা সভাস্থলী পৰিদৰ্শন কৰি বিষয়া-কৰ্মচাৰীসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে । তেওঁ কয়, "প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা তিনি তৰপীয়া হ’ব । বিমানবন্দৰৰ আশে-পাশে থকা অঞ্চল আৰু গাঁৱ আদিত তন্ন তন্ন পৰীক্ষা চলোৱা হৈছে ।"

  • " class="align-text-top noRightClick twitterSection" data="">

জিলা দণ্ডাধীশ বিশাল ভৰদ্বাজে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মান্দুৰী বিমানবন্দৰ উদ্বোধন কৰিব । ইয়াৰ সমান্তৰালকৈ তেওঁ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ, এন এইচ এ আই, ৰেলৱেকে ধৰি বহু বিভাগৰ প্ৰায় 34.5 হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । দুপৰীয়া 12 বজাৰ পৰা 1.30 বজাৰ ভিতৰত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী ।"

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ সঞ্জীৱ কুমাৰে কয়, "আজমগড়ৰ বাহিৰেও প্ৰধানমন্ত্ৰীয়ে চাৰিটা স্থানৰ পৰা - চিত্ৰকূট, আলিগড়, মোৰাদাবাদ, শ্ৰাৱস্তিৰ পৰা লক্ষ্ণৌলৈ বিমান যাত্ৰাৰ বাবে 19 জনীয়া বিমান এখনৰ ফ্লেগ অফ কৰিব ৷ ইয়াৰ পৰা উৰিব 19 জনীয়া DSC 6-400 বিমান । ফ্লাই উইগ ৱেবছাইটত টিকট বুকিং কৰিব পাৰিব । বৰ্তমান আজমগড়ৰ পৰা লক্ষ্ণৌলৈ ভাড়া হ’ব 1048 টকা ।

সঞ্জীৱ কুমাৰে জনোৱা মতে, পুৱা 8.55 বজাত আজমগড়ৰ পৰা উৰা মাৰি 9.50 বজাত লক্ষ্ণৌত উপস্থিত হ’ব বিমানখন । পুৱা 10.10 বজাত লক্ষ্ণৌৰ পৰা উৰা মাৰি 11.10 বজাত আজমগড়ত উপস্থিত হ’ব বিমানখন । আনহাতে, আজমগড়ৰ পৰা চিত্ৰকূটলৈ যোৱা বিমানখনে পুৱা 11.40 বজাত উৰা মাৰি নিশা 12.35 বজাত উপস্থিত হ’ব ।

বিমানখন চিত্ৰকুটৰ পৰা নিশা 01.25 বজাত উৰা মাৰি দুপৰীয়া 2.05 বজাত আজমগড়ত উপস্থিত হ’ব ।

লগতে পঢ়ক: মুখত গোৰ্খালেণ্ডৰ সমাধান, উত্তৰ বংগত পদুম ফুলাটো বিচাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.