ETV Bharat / bharat

তেলেংগানাৰ বৌদ্ধ মন্দিৰত ঈক্ষাকু যুগৰ সীহৰ মুদ্ৰাভৰ্তি পাত্ৰ উদ্ধাৰ - Coins Of Ikshvaku Period

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 7:14 PM IST

Etv BharatPot With Lead Coins Of Ikshvaku Period
তেলেংগানাৰ বৌদ্ধ মন্দিৰত ঈক্ষাকু যুগৰ সীহৰ মুদ্ৰাভৰ্তি পাত্ৰ উদ্ধাৰ

Pot With lead Coins Of Ikshvaku Period: ইতিহাসে কথা কয় ৷ পুনৰ তেলেংগানাৰ ফনিগিৰিৰ বৌদ্ধ মন্দিৰৰ সমীপত ঈক্ষাকু যুগৰ সীহৰ মুদ্ৰাৰে ভৰ্তি এটা কলহৰ উপৰিও কাঁচ, গহনাৰ আৰ্হি আৰু খেলনা আদিৰ নমুনা উদ্ধাৰ কৰা হৈছে ৷

নিউজ ডেস্ক, 5 এপ্ৰিল : তেলেংগানাৰ সূৰ্যপেট জিলাৰ নাগাৰাম মণ্ডলৰ ফনিগিৰি বৌদ্ধ মন্দিৰত খননৰ সময়ত বৃহৎ সংখ্যক প্ৰাচীন সীহৰ মুদ্ৰা উদ্ধাৰ কৰা হৈছে । ৰাজ্যিক ইতিহাস আৰু ঐতিহ্য বিভাগৰ সঞ্চালক ভাৰতী হোলিকেৰী আৰু সূৰ্যপেটৰ অতিৰিক্ত সংগ্ৰাহক বি এছ লতাৰ লগতে ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ প্ৰধান সচিব চাইলাজা ৰাময়াৰে বৃহস্পতিবাৰে মন্দিৰৰ স্থান পৰিদৰ্শন কৰে ৷

Pot With Lead Coins Of Ikshvaku Period
তেলেংগানাৰ বৌদ্ধ মন্দিৰত ঈক্ষাকু যুগৰ সীহৰ মুদ্ৰাভৰ্তি পাত্ৰ উদ্ধাৰ

সংবাদ মাধ্যমক চাইলাজা ৰামায়াৰে জনোৱা অনুসৰি, শেহতীয়াকৈ বৌদ্ধ মন্দিৰত খননৰ সময়ত এটা মুদ্ৰাভৰ্তি পাত্ৰ উদ্ধাৰ কৰা হৈছিল । ইয়াত 3,730 টা সীহৰ মুদ্ৰা পোৱা গৈছিল । ইয়াৰ ওচৰত কিছু কাঁচৰ নমুনা, মহিলাসকলে পিন্ধা গহনাৰ আৰ্হি, আৰু সেই সময়ত শিশুৱে ব্যৱহাৰ কৰা কাৰ্টহুইলো উদ্ধাৰ কৰা হৈছিল ৷

ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ প্ৰধান সচিব চাইলাজাই লগতে কয়, "আমি উদ্ধাৰ কৰা সীহৰ মুদ্ৰাবোৰ ঈক্ষাকু যুগৰ । এটা স্থানত খনন কৰোতে এই বৃহৎ পৰিমাণৰ মুদ্ৰা উদ্ধাৰ কৰা গৈছে ৷ বৌদ্ধ ইতিহাস উন্মোচন কৰাৰ ক্ষেত্ৰত ই এক বৃহৎ সমল হিচাপে পৰিগণিত হৈছে । এই খবৰ প্ৰকাশৰ পিচতে এতিয়া ফনিগিৰি গাঁওখন বিশ্বজুৰি চৰ্চিত হৈছে ৷"

ভাৰতী হোলিকেৰীয়ে কয় যে নিজামৰ দিনত এই ঠাইত বাস কৰা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এই বুদ্ধ ক্ষেত্ৰত এইদৰে লাভ কৰা ঐতিহাসিক কীৰ্তিচিহ্নসমূহে বিশ্বৰ বহু দেশৰ পৰ্যটকৰ মনোযোগ আকৰ্ষণ কৰিছে ৷ ফনিগিৰিৰ উপৰিও এই স্থানৰ সমীপত বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ কেইবাটাও স্থান যেনে- বৰ্দ্ধমানকোটা, গজুলাবন্দা, তিৰুমলাগিৰি, নগৰম, চিংগাৰাম, আৰৱপল্লী, ইয়্যাৱৰিপল্লী, অৰলাগদ্দাগুডেম, য়েলেশ্বৰম অৱস্থিত ৷

লগতে পঢ়ক: ভাৰতৰ সামুদ্ৰিক ইতিহাসৰ ৬১ সংখ্যক বাৰ্ষিকী উদযাপন - National Maritime Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.