পহলগাম আক্ৰমণৰ প্ৰতিশোধ: দক্ষিণ কাশ্মীৰত মাটিত মিহলাই দিয়া হ'ল ৫ সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ঘৰ
চোৰাংচোৱা তথ্যই এই সম্পত্তিবোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাটো নিশ্চিত কৰাৰ পিছত পাঁচোটা ঘৰ ধ্বংস কৰা হয় ।

Published : April 26, 2025 at 2:32 PM IST
শ্ৰীনগৰ: পহলগামত সংঘটিত ভয়ংকৰ আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিছত নিৰাপত্তাৰক্ষীয়ে জম্মু-কাশ্মীৰৰ পুলৱামা, শ্বপিয়ান আৰু কুলগাম জিলাত চলোৱা এক যুটীয়া অভিযানত লস্কৰ-ই-তৈবা (এল ই টি)ৰ কমাণ্ডাৰসহ পাঁচ সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ঘৰ ভাঙি পেলায় । সেনাৰ বিষয়াসকলে শনিবাৰে এই কথা জানিবলৈ দিয়ে ।
বিগত 48 ঘণ্টাত সংঘটিত এই ধ্বংসযজ্ঞ শেহতীয়া মাহবোৰত ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে গ্ৰহণ কৰা আটাইতকৈ আক্ৰমণাত্মক প্ৰতিশোধৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে । আনহাতে, মঙলবাৰে পহলগামৰ হৈছাৰণ উপত্যকাত সংঘটিত আক্ৰমণৰ আঁৰত থকা অপৰাধীসকলক ধৰিবলৈ চলোৱা বিস্তৃত সামৰিক অভিযানৰ অংশ হিচাপে এই কাৰ্য কৰা হৈছে ।

পুলৱামাৰ মুৰান অঞ্চলত শুকুৰবাৰে নিশা এহছান উল হক শ্বেখৰ দুমহলীয়া ঘৰটো বিস্ফোৰকৰ দ্বাৰা মাটিত মিহলি কৰি দিয়া হয় । ২০১৮ চনত পাকিস্তানত প্ৰশিক্ষণপ্ৰাপ্ত বুলি বিশ্বাস কৰা এহছান শ্বেখ পহলগাম আক্ৰমণত প্ৰত্যক্ষভাৱে জড়িত থকাৰ সন্দেহ কৰা হৈছে । তেওঁ কেইবা বছৰ ধৰি নিৰাপত্তা সংস্থাসমূহৰ ৰাডাৰৰ অধীনত থকা বুলি বিষয়াসকলে উল্লেখ কৰে ।
ইয়াৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে নিৰাপত্তাৰক্ষীয়ে শ্বপিয়ানৰ চোটিপোৰা গাঁৱত এলইটিৰ কমাণ্ডাৰ শ্বাহিদ আহমেদ কুট্টেৰ ঘৰো ধ্বংস কৰে । আৰক্ষী বিষয়াসকলৰ মতে কুট্টে হৈছে এজন গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদী সহযোগী আৰু তেওঁ ২০২০ চনৰ পৰা দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমন্বয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই ই টিভি ভাৰতক কয়, "তেওঁ উপত্যকাটোত এলইটিৰ পুনৰুত্থানৰ কেন্দ্ৰবিন্দু আছিল ।"

আনহাতে, চুবুৰীয়া কুলগাম জিলাত কৰ্তৃপক্ষই মুতালহামা গাঁৱৰ জাকিৰ আহমেদ গনিৰ ঘৰটোও ভাঙি পেলায় । জানিব পৰা মতে, ২০২৩ চনৰ পৰা সন্ত্ৰাসবাদীৰ পদবীত সক্ৰিয় হৈ থকা গনিয়ে পহলগাম ষড়যন্ত্ৰৰ বাবে অস্ত্ৰ আৰু বিস্ফোৰক সৰবৰাহত সহায় কৰাৰ সন্দেহ কৰা হৈছে ।
উল্লেখ্য যে বৃহস্পতিবাৰে বিজবেহাৰাৰ গুৰে গাঁও আৰু ট্ৰালৰ মংগাহাম অঞ্চলত আদিল হুছেইন থোকাৰ আৰু আচিফ আহমেদ শ্বেখ নামৰ দুজন এলইটি কৰ্মী বুলি অভিযুক্তৰ ঘৰ ভাঙি পেলোৱা হয় । বিষয়াসকলৰ মতে, এপ্ৰিলৰ আক্ৰমণত ব্যৱহৃত বিস্ফোৰক সঁজুলিবোৰ সংৰক্ষণ আৰু একত্ৰিত কৰিবলৈ তেওঁলোকৰ বাসগৃহ ব্যৱহাৰ কৰা হৈছিল ।
নিৰাপত্তা বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি, বিশ্বাসযোগ্য চোৰাংচোৱা তথ্যই এই সম্পত্তিবোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ কথা প্ৰকাশ কৰাৰ পিছত এই পাঁচোটা ঘৰ ধ্বংস কৰা হয় ।

