আগৰতলাত বাংলাদেশ মিছনত প্ৰৱেশ শতাধিক প্ৰতিবাদকাৰী, নমোৱা হ’ল পতাকা
বাংলাদেশত সংখ্যালঘূ হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰোধিতাৰে আগৰতলাত বাংলাদেশৰ মিছনৰ কাৰ্যলয় ভাঙি লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীয়ে৷ পিচত MEA-এ বাংলাদেশ উচ্চায়ুক্তৰ নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Published : December 3, 2024 at 10:33 AM IST
আগৰতলা : সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (Ministry of External Affairs চমুকৈ MEA) নতুন দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্ত আৰু উপ-সহায়ক উচ্চায়ুক্তৰ নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত উল্লেখ কৰা মতে, "আজি পুৱা আগৰতলাস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তত সংঘটিত হোৱা অনুপ্ৰৱেশৰ ঘটনাটো অত্যন্ত দুখজনক । কূটনৈতিক আৰু কনছুলাৰ সম্পত্তি কোনো কাৰণতে লক্ষ্য কৰি লোৱা উচিত নহয় ৷ দিল্লী আৰু দেশত তেওঁলোকৰ উপ/সহকাৰী উচ্চায়ুক্তৰ নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।’’
সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণ আৰু ইস্কন (ISKCON) ৰ সদস্য চিন্ময় দাস প্ৰভুক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ চলি থকাৰ সময়তে আগৰতলাৰ বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বাংলাদেশৰ জাতীয় পতাকা জ্বলাই এক হুলস্থূলৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
ইয়াৰ পূৰ্বে সোমবাৰে পুৱা আগৰতলাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ বাহিৰত এক ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি বাংলাদেশত হিন্দু সংখ্যালঘুসকলৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে ইস্কন সদস্য চিন্ময় দাস প্ৰভুক শীঘ্ৰে মুক্তি দিবলৈ প্ৰতিবাদকাৰীয়ে দাবী জনায় ।
উল্লেখ্য যে, সোঁপন্থী সংগঠন (right-wing organization) ‘‘হিন্দু সংঘৰ্ষ সমিতি’’ৰ নেতৃত্বত সোমবাৰে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই প্ৰতিবাদত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰা দেখা যায় ।
এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ত্ৰিপুৰা বিজেপিৰ উপ-সভাপতি সুবল ভৌমিকেও কয়, ‘‘সময়ৰ লগে লগে হিন্দু সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে ।’’ ‘‘আমি এনে কাৰ্যক তীব্ৰ গৰিহণা দিছো । দীৰ্ঘদিন ধৰি বিশেষকৈ চৰকাৰ সলনি হোৱাৰ পিছত এই আক্ৰমণ আৰু অধিক তীব্ৰতৰ হৈ পৰিছে । যাৰ বাবে আজি আমি এনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো ।’’ তেওঁ কয় ৷

