ETV Bharat / bharat

সন্ত্ৰাসৰ বিৰুদ্ধে একগোট: বৃহস্পতিবাৰে ​​দিল্লীত সৰ্বদলীয় বৈঠক

বৃহস্পতিবাৰে পুৱা ১১ বজাত সংসদৰ পুথিভঁৰাল ভৱনত অনুষ্ঠিত হ’ব এই সৰ্বদলীয় বৈঠক । ঘোষণা কৰিছে মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

OPERATION SINDOOR
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু (ANI Photo)
author img

By ANI

Published : May 7, 2025 at 8:00 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: অপাৰেচন সেন্দূৰৰ সফলতাৰ পিছত কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে সৰ্বদলীয় বৈঠকৰ ৷ এই বৈঠকত ৰাজনৈতিক দলসমূহক চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিব চৰকাৰে । বৃহস্পতিবাৰে পুৱা ১১ বজাত সংসদৰ পুথিভঁৰাল ভৱনত অনুষ্ঠিত হ’ব এই সৰ্বদলীয় বৈঠক ।

ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যম Xত এটা পোষ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ৷ তেওঁ কয় ‘‘চৰকাৰে ২০২৫ চনৰ ৮ মে’ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ সংসদ কমপ্লেক্সৰ সংসদ পুথিভঁৰাল ভৱনত কমিটী ৰূম জি-০৭৪ ত অল পাৰ্টিৰ নেতাৰ বৈঠক আহ্বান কৰিছে ।’’

আনহাতে, বুধবাৰে বিয়লি ৩ বজাত বিৰোধী কংগ্ৰেছে শীৰ্ষ নেতাসকলৰ বৈঠক আহ্বান কৰি বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে ।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে Xৰ এক পোষ্টত এনেদৰে লিখে "মাননীয় কংগ্ৰেছ সভাপতি শ্ৰী মল্লিকাৰ্জুন @khargeji ডাঙৰীয়াই আজি বিয়লি ৩ বজাত ২৪ আকবৰ ৰোডত, বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ দিল্লীত উপস্থিত জ্যেষ্ঠ নেতাসকলৰ জৰুৰী অনানুষ্ঠানিক বৈঠক আহ্বান কৰিছে ৷"

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিৰোধী দলসমূহে মুকলিকৈ চৰকাৰক সম্পূৰ্ণ সমৰ্থন জনাইছিল ৷

সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি হাতত লোৱা অপাৰেচন সেন্দূৰ সন্দৰ্ভত এখন বৈঠকত বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে কয় যে পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত চৰম বৰ্বৰতা দেখা গৈছিল ৷ নিহত লোকসকলৰ অধিকাংশকে নিচেই ওচৰৰ পৰা আৰু পৰিয়ালৰ সন্মুখত মূৰত গুলীয়াই হত্যা কৰা হৈছিল ৷

তেওঁ কয়, "পৰিয়ালৰ সদস্যসকলক ইচ্ছাকৃতভাৱে হত্যাৰ কৰাৰ লগতে আঘাত কৰা হৈছিল ৷ লগতে বাৰ্তাটো ঘূৰাই ল'ব লাগে বুলি উপদেশ দিয়া হৈছিল । কাশ্মীৰলৈ ঘূৰি অহাৰ স্বাভাৱিকতাক ভেঙুচালি কৰাৰ উদ্দেশ্যে এই আক্ৰমণ চলোৱা হৈছিল ।"

মিশ্ৰীয়ে কয় যে ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে সন্ত্ৰাসবাদী কাৰ্যকলাপ নিৰীক্ষণ কৰি আহিছে আৰু ভাৰতত অধিক সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ।

তেওঁ কয়, "আমাৰ চোৰাংচোৱাই ইংগিত দিছিল যে ভাৰতৰ বিৰুদ্ধে আক্ৰমণ আসন্ন । গতিকে, দুয়োটাকে প্ৰতিৰোধ আৰু বাধা দিয়াৰ বাধ্যবাধকতা আহি পৰিছিল আৰু সেইবাবেই আজি পুৱা ভাৰতে এই ধৰণৰ সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ ৰোধ কৰিবলৈ প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ প্ৰয়োগ কৰিলে… আমাৰ কামবোৰ আছিল সুষম আৰু অপ্ৰৰোচনামূলক, সমানুপাতিক আৰু দায়বদ্ধ । আমি সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰাত মনোনিৱেশ কৰিছিলো ।’’

উইং কমাণ্ডাৰ ব্যোমিকা সিঙে জনোৱা মতে মুঠ ৯ টা সন্ত্ৰাসবাদী স্থান লক্ষ্য কৰি সফলতাৰে ধ্বংস কৰা হৈছে । তেওঁ দৃঢ়তাৰে কয় যে স্থানসমূহ এনেদৰে নিৰ্বাচিত কৰা হৈছে যাতে সাধাৰণ নাগৰিক আৰু তেওঁলোকৰ আন্তঃগাঁথনিৰ কোনো ক্ষতি নহয় ।

"পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোক আৰু তেওঁলোকৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেচন সেন্দূৰ আৰম্ভ কৰিছিল । ৯ টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি সফলতাৰে ধ্বংস কৰা হৈছিল… অসামৰিক আন্তঃগাঁথনিৰ ক্ষতি আৰু কোনো সাধাৰণ নাগৰিকৰ জীৱন নেহেৰুৱাকৈ স্থানসমূহ এনেদৰে নিৰ্বাচিত কৰা হৈছিল" বুলি ব্যোমিকা সিঙে কয় ৷

আনহাতে, কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা আক্ৰমণৰ কিছু ভিডিঅ’ প্ৰদৰ্শন কৰিছিল ।

উল্লেখ্য যে, ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে বুধবাৰে পুৱা পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিত আঘাত হানি ‘অপাৰেচন সেন্দূৰ’ আৰম্ভ কৰে ৷ য’ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু পৰিচালনা কৰা হৈছিল ৷

লগতে পঢ়ক: আমেৰিকাৰ পৰা জাপানলৈকে সকলোকে "অপাৰেচন সেন্দূৰ"ৰ বিষয়ে জনালে ডোভালে - OPERATION SINDOOR