জাবৰৰ পৰা শ্য়ামলী বৰণ : প্ৰধান শিক্ষকৰ অভিৰুচিয়ে সলনি কৰিলে এখন বিদ্য়ালয়ৰ কদৰ্যময় ৰূপ
বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিৰ্ভীক প্ৰচেষ্টাত প্ৰাণ পাই উঠিল বিহাৰৰ গয়াৰ এখন চৰকাৰী বিদ্যালয়ে ।

Published : July 28, 2025 at 5:13 PM IST
গয়া: এসময়ত ঠাই টুকুৰাত পেলোৱা হৈছিল জাবৰ । এই ঠাইখিনি আছিল অসামাজিক কাৰ্যকলাপৰ নিৰাপদ আশ্ৰয়স্থল । এতিয়া এই স্থানেই হৈ পৰিছে সেউজীয়া পৰিৱেশৰ মাজত শিক্ষাৰ পোহৰ বিলোৱা কেন্দ্ৰ । এগৰাকী প্ৰধান শিক্ষকৰ নিৰ্ভীক প্ৰচেষ্টাতেই এই কেন্দ্ৰটো শিক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ উৎস হৈ পৰিছে । কেৱল সেয়াই নহয়, কেন্দ্ৰটোৱে লাভ কৰিছে চৰকাৰী স্বীকৃতি ।
আমি আজি যি পৰিৱেশৰ কথা উল্লেখ কৰিছো সেয়া কোনো বিনোদন কেন্দ্ৰ নহয়, এখন চৰকাৰী বিদ্য়ালয়হে । সচৰাচৰ দেখা পোৱা চৰকাৰী বিদ্য়ালয় নহয় । এইখন হৈছে বিহাৰৰ গয়াৰ বোধগয়া ব্লকৰ সূৰ্যপুৰা গাঁৱৰ চৰকাৰী মধ্যবিদ্যালয় । এইখন কম নামভৰ্তি আৰু ফলাফল ভাল নোহোৱা বাবে চৰ্চিত চৰকাৰী বিদ্যালয়ৰ দৰে নহয়, বিদ্যালয়খনক বৰঞ্চ শিক্ষা আৰু জ্ঞান-প্ৰকাশৰ প্ৰতীক বুলিহে ক'ব লাগিব ।
মাত্ৰ পাঁচ বছৰৰ ভিতৰতে এগৰাকী প্ৰধান শিক্ষকে সলনি কৰি দিছে লেতেৰা পৰিৱেশ । উৎখাত কৰিছে অসামাজিক কাৰ্যকলাপৰ ঘাটি । বিহাৰ চৰকাৰে ১৯৫৬ চনত ৬০০টা পৰিয়াল থকা গাঁওখনত প্ৰতিষ্ঠা কৰিছিল সূৰ্যপুৰাৰ চৰকাৰী মধ্যবিদ্যালয়খন । এসময়ত জাবৰ পেলোৱা চোতাল আছিল । চৌহদৰ দেৱালৰ অভাৱত বিদ্যালয়খন অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰ্যবেসিত হোৱাত প্ৰভাৱ পৰিছিল শিক্ষা ক্ষেত্ৰত ।

জাবৰৰ পৰা সেউজীয়ালৈকে :
সূৰ্যপুৰাৰ স্থানীয় বাসিন্দা পৰশুৰামে উল্লেখ কৰা মতে, এই বিদ্যালয়খন আগতে জাবৰ, ৰংহীন চৌহদ আৰু অতি কম ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ বাবে অঞ্চলটোত কুখ্যাত আছিল । পৰশুৰামে কয়, "বিষয়াসকলৰ অৱহেলাৰ বাবে পৰিস্থিতি অধিক বেয়া হৈ পৰিছিল যদিও প্ৰধান শিক্ষক বৈজনাথ কুমাৰৰ ব্যক্তিগত প্ৰচেষ্টাত বিগত পাঁচ বছৰত বিদ্যালয়খনত এক চকুতলগা পৰিৱৰ্তন হৈছে । ৰসাল বাগিচা আৰু জাবৰৰ স্তূপৰ পৰা ওলোৱা দুৰ্গন্ধৰ পৰিৱৰ্তে এতিয়া ওলাইছে ফুলৰ সুগন্ধি ।"
২০২০ত আৰম্ভ হৈছিল নীৰৱ বিপ্লৱ :
এই পৰিৱৰ্তনৰ বিষয়ে জানিবলৈ হ'লে আমি উভতি যাব লাগিব ২০২০ চনলৈ । কাৰণ এই বৰ্ষতেই বিদ্যালয়খনত আৰম্ভ হৈছিল নীৰৱ বিপ্লৱ । সেই বছৰ ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বক স্তব্ধ কৰিছিল । ৰক্ষণাবেক্ষণৰ অভাৱত বিদ্যালয় চৌহদত অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছিল; কিন্তু বিদ্যালয়খন খোলাৰ পাছত প্ৰধান শিক্ষক বৈজনাথ কুমাৰে আৰম্ভ কৰে পৰিৱৰ্তনৰ ঢৌ । কুমাৰে কেৱল বিদ্যালয়খন পৰিস্কাৰ কৰাই নহয়, শিক্ষা আৰু পৰিৱেশ সজাগতাৰ আদৰ্শ কেন্দ্ৰ কৰি তুলিবলৈ সক্ষম হয় ।

এই নীৰৱ বিপ্লৱৰ বিষয়ে ইটিভি ভাৰতৰ আগত ব্যাখ্য়া কৰি বাগিচা আৰু গছপুলি ৰোপণৰ দীৰ্ঘদিনীয়া চখ থকাৰ কথা কয় কুমাৰে । তেওঁ কয়, "কামটো সহজ নাছিল । প্ৰধান শিক্ষকৰ দায়িত্ব লোৱাৰ সময়ত বিদ্যালয়খনৰ চৌহদৰ দেৱালো নাছিল ।"
বিদ্যালয় চৌহদটো সংস্কাৰৰ প্ৰচেষ্টাত কুমাৰেও স্থানীয় লোকৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল । কাৰণ দেৱাল থাকিলে চৌহদটো অসামাজিক কামৰ বাবে নিৰাপদ আশ্ৰয়স্থল হৈ নাথাকিব । দেৱাল নথকাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সুৰক্ষা নাছিল । প্ৰতিবাদ কৰাৰ সময়ত তেওঁ ভাবুকিও লাভ কৰিছিল বুলি কুমাৰে কয় । প্ৰধান শিক্ষকগৰাকীয়ে শিশুসকলৰ অভিভাৱক আৰু স্থানীয় আৰক্ষীৰ সহায়ত প্ৰথমে জাবৰ-জোঁথৰ পৰিষ্কাৰ কৰে । তাৰ পিছত কুমাৰে নিজৰ খৰচত অস্থায়ীভাৱে স্কুলৰ বেৰ দিয়ে । পিছত চৰকাৰী ধনেৰে বিদ্যালয়খনৰ চৌহদতো দেৱাল নিৰ্মাণ কৰা হয় ।
বিদ্য়ালয়ৰ সেউজীয়া আৰু সৌন্দৰ্য :
প্ৰধান শিক্ষক কুমাৰে কয় যে ২০২১ চনৰ জুলাইত চৌহদটোক বাগিচালৈ ৰূপান্তৰিত কৰি সুন্দৰ উদ্যানৰ ৰূপ দিয়াৰ কাম আৰম্ভ কৰা হৈছিল । যোৱা ৫ বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি এই চৌহদটোত ২৫ বিধ ভিন্ন প্ৰকাৰৰ গছ-গছনি আৰু সেউজীয়াৰে ভৰি পৰিছে বুলিও তেওঁ কয় ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চুফ কুমাৰে কয়, "মোৰ বিদ্য়ালয়ৰ দৰে চৌহদ ব্যক্তিগত বিদ্যালয় অতি কমহে দেখা পোৱা বাবে মই গৌৰৱান্বিত । আমি কেৱল বিদ্য়ালয় চৌহদত এখন পাৰ্ক নিৰ্মাণ কৰাই নহয়, আমি অট্টালিকাটোৰো সংস্কাৰ কৰি ইয়াৰ সৌন্দৰ্য পুনৰুদ্ধাৰ কৰিলো ।"
গৌৰৱান্বিত ছাত্ৰ-ছাত্ৰীসকল :
প্ৰথম শ্ৰেণীৰ পৰা বিদ্যালয়খনত অধ্যয়ন কৰি অহা সপ্তম শ্ৰেণীৰ ছাত্ৰী বিউটি কুমাৰীয়ে চকুৰ সন্মুখত বিদ্যালয়খনৰ এই পৰিৱৰ্তনৰ কথা স্মৰণ কৰি কয়, "আগতে ইয়াত বহুত জাবৰ আছিল । চৌহদৰ মাজভাগত ডাঙৰ ডাঙৰ গাঁত আছিল আৰু বৰষুণৰ সময়ত আমাৰ শ্ৰেণীকোঠাত পানী সোমাইছিল । বিদ্য়ালয়খন সলনি হোৱা দেখিছো । বাগিচাখনৰ প্ৰতি মোৰ এক বেলেগ মোহে গঢ় লৈ উঠিছে । আমি নিজেই প্ৰতিদিনে ৰক্ষণাবেক্ষণ কৰো । বিশেষকৈ গ্ৰীষ্মকালত আমি এই সকলোবোৰ গছ-গছনি সুৰক্ষিত কৰিবলৈ পৰিশ্ৰম কৰো ।’’
কুমাৰীয়ে কয় যে প্ৰধান শিক্ষকৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলে গছপুলি ৰোপণ কৰি গোটেই চৌহদটোক এখন বাগিচাৰ ৰূপ দিছে । "আগতে ইমানেই লেতেৰা আছিল যে ইয়াত পঢ়িবলৈ মন যোৱা নাছিল । এতিয়া আমি প্ৰতিদিনে বিদ্য়ালয়লৈ আহিছো । পৰিষ্কাৰ পৰিৱেশত পঢ়াটো এটা বেলেগ অভিজ্ঞতা ।"
সপ্তম শ্ৰেণীতো পঢ়ি থকা প্ৰিয়া কুমাৰীয়ে ক’লে, "এতিয়া আমাৰ পঢ়িবলৈ মন গৈছে । এতিয়া আমি ইয়াত বহি ছুটীৰ সময়ত সময় কটাওঁ । সেউজীয়া দেখি মনটোৱে শান্তি পায় । ইয়াৰ কাৰণো আমি নিজে কঠোৰ পৰিশ্ৰম কৰিছো । ৰাতিপুৱা ১৫ মিনিট আগতে আহি পাওঁ যাতে আমি নিজে পৰিষ্কাৰ কৰিব পাৰো ।"

অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰাগিনী কুমাৰীয়ে কয় যে আগতে জাবৰৰ দমৰ পৰা হোৱা সংক্ৰমণৰ বাবে তেওঁলোক প্ৰায়ে অসুস্থ হৈ পৰিছিল । কুমাৰীয়ে কয়, "যিহেতু এই সমগ্ৰ বাগিচাখন নিৰ্মাণ কৰা হৈছে, গতিকে মইও অসুস্থ হোৱা নাই আৰু মোৰ কোনো সমস্যাও হোৱা নাই ।"
ছাত্ৰ সন্দীপ কুমাৰ আৰু নীতিশ কুমাৰে কুমাৰীৰ সুৰতেই সুৰ মিলাই কৰি কয় যে নতুন প্ৰধান শিক্ষকে দায়িত্ব লোৱাৰ পিছৰে পৰা বিদ্য়ালয় চৌহদত এক আমূল পৰিৱৰ্তন হৈছে ।
ঘন বাগিচাৰে ভৰিছে চৌহদ :
বিদ্যালয়খনৰ পৰিৱেশ সলনি কৰাৰ কৃতিত্ব প্রধান শিক্ষক বৈজনাথ কুমাৰ আৰু অন্যান্য শিক্ষকৰ লগতে ছাত্র-ছাত্রীসকলৰ বুলিয়েই ক'ব লাগিব ৷ বিগত ৫ বছৰত প্ৰধান শিক্ষকগৰাকীয়ে ব্যক্তিগতভাৱে দুই লাখৰো অধিক টকা ব্যয় কৰি বিদ্যালয়খনৰ সংস্কাৰ সাধন কৰিছে । চৌহদত উৎপাদিত কিছুমান গছ অতি দামী, যাৰ দাম ২০০০ টকাৰ পৰা ২৫০০ টকা পৰ্যন্ত ।
কি ফুলৰ গছ আছে ?

বিদ্যালয়ৰ বাগিচাখনত দুৰাণ্ডা, অশোকা, ৰিকা পাম, ৰুদ্ৰ পাম, ইটালীয় পাম, ইটালীয় চাইপ্ৰেছ, এস্কেৰিয়া, ইক্সোৰা, কামানি, জুহি, তগৰ, গোলাপ, নাগচাম্পা, কাগজ চাম্পা, ফিকাচ চাইকাছ, মকৰা উদ্ভিদ, শ্বিগনিয়াম, জেড প্লাণ্ট, এডেনিয়ামকে ধৰি ২৫ প্ৰকাৰৰ গছ-গছ ।
চৰকাৰী স্বীকৃতি :
শেহতীয়াকৈ দায়িত্ব লোৱা জিলা শিক্ষা বিষয়া কৃষ্ণ মুৰাৰী গুপ্তাই এই অনন্য পদক্ষেপৰ প্ৰশংসা কৰি কয়, "যদি ই এখন ধুনীয়া বিদ্যালয়, তেন্তে নিশ্চিতভাৱে ইয়াক প্ৰশংসা কৰা উচিত । শিক্ষকসকলে কেৱল শিক্ষাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলোৱাই নহয়, তেওঁলোকে নিজৰ বিদ্যালয় চৌহদৰ পৰিৱেশো পৰিষ্কাৰ কৰি তুলিছে ।"
বোধ গয়া ব্লকৰ বি আৰ পি মিড ডে মিল জ্ঞান প্ৰকাশে কয় যে তেওঁ বহু বিদ্যালয় ভ্ৰমণ কৰিছে যদিও সূৰ্যপুৰাৰ মধ্যবিদ্যালয়ৰ দৰে আন কোনো বিদ্যালয় ধুনীয়া নহয় ।

