ETV Bharat / bharat

উজ্জয়িনীৰ মহাকাল মন্দিৰত অগ্নিকাণ্ড; কেইবাজনো পুৰোহিত আহত - Mahakal Temple fire

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 11:25 AM IST

Mahakal Temple fire: হোলী উৎসৱ উদযাপনৰ মাজতে মহাকাল মন্দিৰৰ গৰ্ভগৃহত অগ্নিকাণ্ড । ভস্ম আৰতিৰ সময়তে এই অগ্নিকাণ্ড । আৰতিত ব্যস্ত প্ৰায় ১৩ জন পুৰোহিত আহত হয় । ঘটনা সন্দৰ্ভত জিলা আয়ুক্তৰ তদন্তৰ নিৰ্দেশ ।

Mahakal Temple fire
উজ্জয়িনীৰ মহাকাল মন্দিৰত অগ্নিকাণ্ড

উজ্জয়িনীৰ মহাকাল মন্দিৰত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ২৫ মাৰ্চ : আজি ৰঙৰ উৎসৱ ফাকুৱা । দেশৰ সকলো প্ৰান্ততে ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । এনে সময়তে মধ্যপ্ৰদেশৰ বিশ্ববিখ্যাত মহাকাল মন্দিৰত ভয়ংকৰ ঘটনা । পৰম্পৰাগত ভস্ম আৰতিৰ সময়তে মন্দিৰৰ গৰ্ভগৃহত হঠাতে জুইৰ সূত্ৰপাত হয় ।

এই অগ্নিকাণ্ডত মন্দিৰৰ প্ৰায় ১৩ জন পুৰোহিত আহত হয় । ইফালে অগ্নিকাণ্ডৰ লাইভ ভিডিঅ'ও পোহৰলৈ আহিছে । আটাইকেইজন আহতক জিলা চিকিৎসালয়ৰ বাৰ্ণ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে । তেওঁলোক বিপদমুক্ত বুলি জানিব পৰা গৈছে ।

লক্ষণীয়ভাৱে সঠিক সময়ত জুই নিৰ্বাপণ কৰা হয় । অতি ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মহাকাল মন্দিৰ । কিয়নো ফাকুৱা উপলক্ষে ভস্ম আৰতিৰ সময়ত মন্দিৰৰ ভিতৰত শ শ ভক্ত উপস্থিত আছিল । ঘটনাটোক লৈ জিলা আয়ুক্ত নীৰজ কুমাৰ সিঙে তদন্তৰ নিৰ্দেশ দিছে ।

জানিব পৰা মতে, সোমবাৰে পুৱা মহাকাল মন্দিৰত হোলী উৎসৱ উদযাপন কৰা হয় । শ শ লোকে ইজনে সিজনৰ ওপৰত ৰং সানিছিল । বাবা মহাকালৰ ভস্ম আৰতিৰ সময়তে সেই ৰং আৰতিৰ প্লেটত পৰিছিল আৰু তাৰ পিচতে হঠাতে জুই লাগিছিল । যাৰ ফলত মন্দিৰত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ।

অগ্নিকাণ্ডৰ ফলত গৰ্ভগৃহৰ ভিতৰত থকা পুৰোহিতকেইজন আৱদ্ধ হৈ পৰে । জিলা আয়ুক্তি নীৰজ কুমাৰ সিঙে কোৱা মতে মন্দিৰত হোলী খেলা হৈছিল । ভস্ম আৰতিৰ সময়তে জুইৰ সূত্ৰপাত হয় । তেওঁ জনোৱা মতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

অৱশ্যে ফাকুৱাৰ বাবে এই জুই লাগিছিল নে আন কোনো কাৰণ আছে, সেয়া তদন্তৰ পিচত হে জানিব পৰা যাব ।

লগতে পঢ়ক : কোনে কোনে চাব নোৱাৰিব হোলীকা দহন ! - Holika Dahan Muhurat 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.