ETV Bharat / bharat

সন্মুখত নাৰ্ছৰ কোলাত সদ্যোজাত সন্তান : পিচে পিচে অক্সিজেন চিলিণ্ডাৰ লৈ পিতৃ - Viral video of a father

Father holding oxygen cylinder video viral : পিতৃ হোৱাৰ সমান সুখ কি হ’ব পাৰে ! কি হ’ব পাৰে সন্তানৰ অসুখে দিয়াৰ সমান দুখ ! সদ্যোজাত সন্তানৰ বাবে এগৰাকী পিতৃয়ে কৰা কষ্টৰ ভিডিঅ’ হৈ পৰিছে ভাইৰেল ৷

Father holding oxygen cylinder video viral
সন্তানৰ পিচে পিচে অক্সিজেন চিলিণ্ডাৰ লৈ পিতৃ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 19, 2024 at 4:02 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 19 জুন: পিতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱাৰ বাবে থাকে কত যে সপোন ! সেই সপোনে যেতিয়া সাকাৰ ৰূপ লাভ কৰে, তেতিয়া পৃথিৱীৰ আটাইতকৈ সুখী মানুহজনেই হয় বিশেষ পুৰুষজন ৷ চিকিৎসালয়ৰ প্ৰসূতি কক্ষত যেতিয়া সন্তানসম্ভৱা পত্নী ভৰ্তি হৈ থাকে, বাহিৰত ৰৈ থকা পুৰুষজনৰ সমান উৎকণ্ঠা কাৰ থাকিব পাৰে ! যেতিয়াই শিশুটিয়ে পৃথিৱীলৈ আহি প্ৰথমবাৰৰ বাবে কান্দে, পিতৃৰ দুগালেৰে বৈ আহে সুখৰ চকুলো ৷

সন্তানৰ পিচে পিচে অক্সিজেন চিলিণ্ডাৰ লৈ পিতৃ Viral Video (ETV Bharat)

অধীৰ আগ্ৰহেৰে নিজ সন্তানক চাবলৈ ৰৈ থকা পিতৃয়ে যেতিয়া খবৰ পাই যে তেওঁৰ সদ্যোজাত সন্তান অসুবিধাৰ সন্মুখীন হৈছে, সেই মুহূৰ্তত পিতৃগৰাকীৰ সমান কষ্ট কৰিব পৰা লোক কোনো হ’ব নোৱাৰে ৷ অন্ধ্ৰপ্ৰদেশৰ এটা ভাইৰেল ভিডিঅ’ই চুই গৈছে প্ৰতিগৰাকী লোকৰ হৃদয় ৷ পিতৃ হোৱাৰ সুখ অনুভৱ কৰিব পৰা প্ৰতিগৰাকী লোকেই ভিডিঅ’টো চোৱাৰ পিচত হৈ পৰিছে আৱেগিক ৷

লগতে পঢ়ক: নিজহাতে 4 মহীয়া কন্যা সন্তানক হত্যা পিতৃৰ

ঘটনাটো বিশাখাপট্টনমৰ ৷ কিং জৰ্জ চিকিৎসালয়ৰ চৌহদত এগৰাকী পিতৃয়ে সদ্যোজাত সন্তানৰ জীৱন ৰক্ষাৰ বাবে কৰা কষ্টৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ পিতৃগৰাকীৰ সন্তানটি জন্ম হৈছিল নিৰ্দিষ্ট সময়ৰ পূৰ্বেই ৷ পূৱ গোদাৱৰী জিলাৰ আল্লু চিৰিচা নামৰ এগৰাকী গৰ্ভৱতী মহিলাক মঙলবাৰে পৰিয়ালৰ সদস্যসকলে কিং জৰ্জ চিকিৎসালয়ৰ প্ৰসূতি ৱাৰ্ডত ভৰ্তি কৰোৱাইছিল । যিহেতু কেঁচুৱাটো অকালতে জন্ম হৈছিল, চিকিৎসকে পৰামৰ্শ দিছিল যে কেঁচুৱাটো শিশুৰ ৱাৰ্ডৰ সৈতে সংলগ্ন এন.আই.চি.ইউত ৰাখিব লাগে । শিশুটিক অক্সিজেন লগাই দিয়া হৈছিল এন আই চি ইউ কক্ষলৈ নিয়াৰ বাবে ৷

কিন্তু সেই সময়ত চিকিৎসালয়খনত নাছিল কোনো কৰ্মচাৰী ৷ সেয়ে শিশুটোৰ দেউতাকে অক্সিজেন চিলিণ্ডাৰটো কান্ধত লৈ নাৰ্ছৰ পিচে পিচে খোজকাঢ়ি গৈ থাকিবলগীয়া হয় ৷ সেই বিশেষ দৃশ্যটো কোনো লোকে বন্দী কৰিলে কমেৰাৰ লেন্সত ৷ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে ভিডিঅ’টো ৷ ইয়াৰ পিচতে চিকিৎসালয়ৰ চুপাৰভাইজাৰে চিকিৎসক আৰু কৰ্মচাৰীসকলক ফোন কৰি ধমকি দিয়ে ৷ লগে লগে নিৰ্দেশ দিয়া দিয়ে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় । তদুপৰি এতিয়াৰে পৰা চিকিৎসালয়খনত বেটাৰীচালিত বাহন উপলব্ধ কৰা হ’ব বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: আনক সুখী কৰি সুখী হ’ব খোজা এজন যুৱকৰ বিশেষ সফলতাৰ কাহিনী...