কোনে ষড়যন্ত্ৰ কৰিছে অমৃতপাল সিঙৰ বিৰুদ্ধে ? ক’লে পিতৃয়ে
Amritpal Singh: ডিব্ৰুগড় কাৰাগাৰৰ কোঠাত নিষিদ্ধ সামগ্ৰী উদ্ধাৰৰ ইমানদিনৰ পিচতহে কিয় অধীক্ষকক গ্ৰেপ্তাৰ কৰা হ’ল ? এই প্ৰশ্ন কাৰাবন্দী সিঙৰ পিতৃৰ ৷ ষড়যন্ত্ৰৰ অভিযোগ তুলি তেওঁ কয় যে অনশনৰত পৰিয়ালটোৰ কাষতো কোনো চৰকাৰী লোক ঠিয় দিয়া নাই ৷

Published : March 9, 2024 at 7:37 PM IST
অমৃতসৰ, 9 মাৰ্চ: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিংসহ 10 গৰাকী খালিস্তানী নেতা ৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতাকেইগৰাকীৰ চেলৰ পৰা 16 ফেব্ৰুৱাৰীত উদ্ধাৰ কৰা হৈছিল নিষিদ্ধ বহু সামগ্ৰী ৷
কাৰাৰুদ্ধ লোককেইজনৰ কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছিল স্মাৰ্টফোন, ব্লুটুথ হেডফোন আদি বহু সামগ্ৰী ৷ এই সন্দৰ্ভত অসম আৰক্ষীৰ অনুসন্ধানৰ পিচত শুকুৰবাৰ অৰ্থাৎ 8 মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল কেন্দ্ৰীয় কাৰাগাৰখনৰ অধীক্ষকক ৷
সমগ্ৰ ঘটনা সন্দৰ্ভত কাৰাৰুদ্ধ অমৃতপাল সিঙৰ পিতৃয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ পিতৃগৰাকীয়ে কয় যে এয়া চৰকাৰৰ এক নতুন ষড়যন্ত্ৰ তেওঁৰ পুত্ৰৰ লগতে বাকী খালিস্তানী নেতাকেইগৰাকীৰ বিৰুদ্ধে ৷ তেওঁ প্ৰশ্ন কৰে যে যদিহে কাৰাগাৰৰ অধীক্ষকৰে দোষ আছিল, তেন্তে ইমানদিনৰ পিচত কিয় ব্যৱস্থা গ্ৰহণ কৰা হ’ল ?
চৰকাৰী পক্ষই পৰিয়ালটোক সাক্ষাৎ নকৰাৰ অভিযোগ: অমৃতপাল সিঙৰ পিতৃয়ে অভিযোগ কৰিছে যে বহুদিন ধৰি অমৃতপাল সিঙৰ পিতৃসহ পৰিয়ালৰ আন সদস্যসকল অনশনত বহি আছে যদিও তেওঁলোকক সাক্ষাৎ কৰিবলৈ কোনো চৰকাৰী প্ৰতিনিধি উপস্থিত হোৱা নাই ৷ তেওঁ কয় যে ডিব্ৰুগড় কাৰাগাৰত সামগ্ৰীসমূহ উদ্ধাৰ হোৱাৰ পিচত ২০ ফেব্ৰুৱাৰীত তেওঁলোকে অমৃতসৰৰ উপায়ুক্তক সাক্ষাৎ কৰিছিল ৷ তাৰ পিচত পৰিয়ালটোৱে ২২ ফেব্ৰুৱাৰীৰ পৰা অনশনত বহিছিল ৷ কিন্তু হঠাৎ তেওঁলোকে শুনিলে যে ডিব্ৰুগড় কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে ৷
বৃহৎ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ: অমৃপাল সিঙৰ পিতৃয়ে অভিযোগ কৰে যে কাৰাগাৰাৰ কোঠাত নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হৈছিল 16 ফেব্ৰুৱাৰীত ৷ যদিহে ঘটনাৰ বাবে অধীক্ষৰৰ ভুল আছিল, তেন্তে 17 অথবা 18 ফেব্ৰুৱাৰীতেই তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিছিল ৷ সেয়া নকৰি ঘটনাটোক নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হ’ল ইমান দিনে ৷ তেওঁ প্ৰশ্ন কৰে যে কালিহে কিয় অধীক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰা হ’ল ? গতিকে চৰকাৰে এক ষড়য়ন্ত্ৰ কৰা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে অমৃতপাল সিঙৰ পিতৃয়ে ৷
লগতে পঢ়ক: NSA চেলত উদ্ধাৰ নিষিদ্ধ সামগ্ৰী; কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ

