অসম

assam

World AIDS Day 2022 : হোজাইত বিশ্ব এইডছ দিৱস উপলক্ষে সজাগতা সভা

By

Published : Dec 1, 2022, 7:21 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

আজি বিশ্ব এইডছ দিৱস (World AIDS Day 2022)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো এইডছৰ সজাগতাৰ বাবে এই দিৱস পালন কৰা হৈছে । বিশ্ব এইডছ দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলা স্বাস্থ্য বিভাগ আৰু আজমল ফাউণ্ডেছনৰ যৌথ উদ্যোগত এক সজাগতা সভাৰ আয়োজন কৰা হয় । এইডছ ৰোগৰ সজাগতা সন্দৰ্ভত বৰপুখুৰীৰ নাজিৰ আজমল বি এড কলেজত এই সভা অনুষ্ঠিত হয় (AIDS awareness meeting in Hojai)। এই সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ললিত চন্দ্ৰ নাথ, হোজাই এফ আৰ ইউৰ অধীক্ষক ডাঃ বাসুদেৱ মালাকাৰ, জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰঞ্জু ৰাজখোৱা, অজমল ফাউণ্ডেছনৰ সঞ্চালক ডঃ খছৰুল ইছলামে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাৰ পূৰ্বে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে হোজাইৰ এফ আৰ ইউৰ পৰা উলিওৱা হয় সজাগতা সমদল ।
Last Updated :Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details