অসম

assam

মিছমাৰীত নৈত খহি গ'ল দলং : বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰ

By

Published : Jun 28, 2022, 2:07 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

বছৰৰ দ্বিতীয়টো বানে ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে (Flood in Assam)। চলিত বছৰতে বানপানীৰ ফলত ১০০ৰো অধিক লোকৰ মৃত্যু হৈছে । বহু সা-সম্পত্তিৰ লগতে বাট-পথ আদি ধ্বংসস্তুপত পৰিণত হৈছে (Flood affects Assam)। কোনো কোনো স্থানত পথ, দলং আদি নৈৰ বুকুত জাহ গৈছে । যাৰ ফলত এতিয়াও বাহিৰৰ জগতৰ সৈতে কোনো কোনো স্থানৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে । শোণিতপুৰৰো এখন অতি গুৰুত্বপূৰ্ণ দলঙৰ এটা অংশ নৈৰ বুকুত জাহ যোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হৈছে (Bridge damaged in floods in Sonitpur)। যোৱা ১৮ জুনত বেলশিৰি নৈৰ ওপৰত থকা পকী দলঙৰ এটা অংশ বাঢ়নি পানীয়ে খহাই লৈ যায় । মিছমাৰী-বেলশিৰি-ঢেকীয়াজুলি সংযোগী পথচোৱাৰ বৰবিল পাকুৰিগুৰি গাঁৱত থকা দলঙখনৰ অংশটো পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত যোগাযোগ ব্যৱস্থা স্তব্ধ হৈ পৰিছে । যাৰ বাবে ঢেকীয়াজুলি সমষ্টিৰ মিছমাৰীত ৰাইজে সাধাৰণ বাঁহৰ দলঙেৰে এতিয়া অহা যোৱা কৰিবলগীয়া হৈছে (People of Dhekiajuli suffer due to Bridge condition)। অঞ্চলটোৰ শিক্ষাৰ্থী আৰু অন্যান্য লোকসকলে অতি বিপদসংকুলভাৱে সেই পথেৰে এতিয়া যাতায়ত কৰিবলগীয়া হৈছে । কিন্তু কোন মুহূৰ্তত সেই স্থানত দুৰ্ঘটনা সংঘটিত হয় তাৰ কোনো নিশ্চয়তা নাই । সেয়ে অতি শীঘ্ৰে ৰাইজৰ যাতায়তৰ এই সমস্যা সমাধানৰ দাবী জনাইছে ৰাইজে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details