অসম

assam

Football player from Dibrugarh: ভাৰতীয় ফুটবল দলত স্থান লাভ ডিব্ৰুগড়ৰ খেলুৱৈৰ

By

Published : May 28, 2023, 4:26 PM IST

ভাৰতীয় ফুটবল দলত স্থান লাভ ডিব্ৰুগড়ৰ খেলুৱৈৰ

ডিব্ৰুগড়,২৮ মে': টেঙাৰ বল খেলিয়েই ভাৰতীয় দলৰ হৈ ইউৰোপ মহাদেশত দু-ভৰিৰ যাদু দেখাবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ এজন সপ্তম শ্ৰেণীৰ ছাত্ৰই (Nayan Konwar included in Indian football team)। ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ইকৰাতলী গাঁও পঞ্চায়তৰ সৰুপথাৰ গাঁৱৰ বিৰু কোঁৱৰ আৰু মণিকা কোঁৱৰৰ দ্বিতীয় পুত্ৰ নয়ন কোঁৱৰে অহা ১৬ জুলাইৰ পৰা ইউৰোপ মহাদেশৰ ছুইডেনত অনুষ্ঠিত হ'বলগা ফুটবলৰ বৃহৎ টুৰ্ণামেণ্ট Gothia cup খেলিবৰ বাবে নিৰ্বাচিত হৈছে (Gothia cup to be held in Sweden) ।  

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ইকৰাতলী গাঁও পঞ্চায়তৰ সৰুপথাৰ গাঁৱৰ নয়ন কোঁৱৰে অসমৰ হৈ একমাত্ৰ প্ৰতিনিধিত্ব আগবঢ়াইছে ভাৰতীয় দলটোত(Football player from Dibrugarh) । ডিকম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীত অধ্যয়ন কৰি আছে নয়ন কোঁৱৰে । এই খবৰ পোৱাৰ পাছতে গাঁৱৰ ৰাইজে উষ্ম আদৰণি জনাইছে উদীয়মান খেলুৱৈগৰাকীক । সৰুৰে পৰা ফুটবল খেলি ভাল পোৱা নয়নে জ্যেষ্ঠ ভাতৃৰ লগতে প্ৰথমে ঘৰৰ চৌহদতে খেলিছিল টেঙাৰ বল (Indian football team) । শেহতীয়াকৈ পুনেত অনুষ্ঠিত এমহীয়া বাচনি শিৱিৰত যোগদান কৰাৰ পাছতেই নয়ন নিৰ্বাচিত হৈছিল ভাৰতীয় দললৈ । 

লগতে পঢ়ক:Social Harassment: সুলভ মূল্যত ঔষধ বিক্ৰী কৰাৰ বাবেই হ’ল এঘৰীয়া

ABOUT THE AUTHOR

...view details