অসম

assam

World Hepatitis Day 2023: যৌন সম্পর্কও হ’ব পাৰে নেকি 'হেপাটাইটিছ বি' সংক্ৰমণৰ কাৰণ ? জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ জে পি শৰ্মাই

By

Published : Jul 28, 2023, 3:49 PM IST

Updated : Jul 28, 2023, 6:57 PM IST

হেপাটাইটিছ হৈছে এক প্ৰকাৰৰ মাৰাত্মক ৰোগ ৷ সেয়ে প্ৰতিবছৰে এই ৰোগৰ প্ৰতি জনসাধাৰণক সজাগ তথা সচেতন কৰাৰ উদ্দেশ্যে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় ৷ হেপাটাইটিছ বি' পৰা কিদৰে হ’ব পাৰে ? তথা ইয়াৰ নিৰাময়ৰ উপায় কি ? জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰকাশ শৰ্মাই ।

World Hepatitis Day 2023
বিশ্ব হেপাটাইটিছ দিৱস

জ্যেষ্ঠ চিকিৎসক ডাঃ জে পি শৰ্মা

আজি বিশ্ব হেপাটাইটিছ দিৱস । বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বক হেপাটাইটিছৰ পৰা মুক্ত কৰিবলৈ এটা অভিযান আৰম্ভ কৰিছিল । যাৰ অংশ আছিল হেপাটাইটিছ দিৱস । হেপাটাইটিছ দিৱসৰ লক্ষ্য হৈছে এই ৰোগৰ সম্বন্ধে জনসাধাৰণক সজাগ তথা সচেতন কৰা ।

বিশ্ব হেপাটাইটিছ দিৱসৰ বিষয়বস্তু প্ৰতি বছৰে ভিন্ন হয় । এইবাৰ বিশ্ব হেপাটাইটিছ দিৱসৰ বিষয়বস্তু হৈছে ‘আমি অপেক্ষা কৰা নাই’(We're not waiting)। হেপাটাইটিছে আগবাঢ়ি যোৱাৰ লগে লগে জণ্ডিচৰ ৰূপ ধাৰণ কৰে আৰু শেষ পৰ্যায়ত উপনীত হ’লে লিভাৰ চিৰ’ছিছ বা লিভাৰ কেন্সাৰৰো সৃষ্টি কৰিব পাৰে । সময়মতে চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্তও হ’ব পাৰে । সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে এই ৰোগৰ বিষয়ে বিতঙভাৱে জানো আহক...

কিন্তু এই হেপাটাইটিছ বি আচলতে হয় কি ?

চিকিৎসকৰ মতে হেপাটাইটিছ বি এক মাৰাত্মক সংক্ৰামক ৰোগ। যি সংক্ৰমণে লিভাৰত আক্ৰমণ কৰে । কেতিয়াবা এই সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায়ত কোনো ধৰণৰ লক্ষণ দেখা নাযায় । এই ৰোগৰ বহুকেইটা পৰ্যায় আছে । একেবাৰে অন্তিম পৰ্যায়ত ৰোগী গৰাকী লিভাৰ বিকল হৈ যোৱাৰ লগতেই কেন্সাৰো হ'ব পাৰে ।

'হেপাটাইটিছ বি' পৰা কি দৰে হ’ব পাৰে আৰু ইয়াৰ নিৰাময়ৰ উপায় কি ?

১)বহুলোকে বৰ্তমান সময়ত উপযুক্ত নথি-পত্ৰ নোহোৱা ব্লাড বেংকৰ পৰা তেজ লোৱা দেখা পোৱা যায় । সেই তেজ সমূহ উপযুক্ত পৰীক্ষা কৰা তেজ নহ’বও পাৰে, বা যি লোকে তেজদান দিছে তেওঁলোক দেহত হেপাটাইটিছ বি' ভাইৰাছ পূৰ্বৰ পৰা থাকিব পাৰে । সেয়েহে তেজ লওঁতে সাৱধান হ'ব লাগে ।

২)ড্ৰাগছ সেৱনৰ ফলটো এই ৰোগ হ’ব পাৰে । ড্ৰাগছ সেৱনৰ সময়ত একেটা চিৰিঞ্জ বহুজনে ব্যৱহাৰ কৰিলেও হেপাটাইটিছ বি'ৰ সংক্ৰমণ হ’ব পাৰে ।

৩)যৌন সম্পর্কৰ পৰাও এই ৰোগ বিয়পিব পাৰে । সেয়েহে অসুৰক্ষিত যৌন সম্পৰ্ক কৰিব নালাগে ।

৪)যদিহে কোনো ৰোগীৰ হেপাটাইটিছ বি' বা HIVৰ স্থিতি গম পোৱা নাযায় বা ৰোগীজনৰ দেহৰ পৰা যদি তেজ ওলাই থাকে । সেয়া দুৰ্ঘটনা বা অন্য কাৰণেই নহওক কিয় । তেনে ৰোগীক খালি হাতেৰে চুব নালাগে ।

৫)ইয়াৰ পৰা ৰক্ষা পাবলৈ হ’লে হেপাটাইটিছ বি'ৰ ভেকচিন ল'ব লাগে ।

নোবেল বঁটা বিজয়ী বিজ্ঞানী ডাঃ বাৰুচ ব্লুমবাৰ্গৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ২৮ জুলাইৰ দিনা বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় । ডাঃ বাৰুচ ব্লুমবাৰ্গে হেপাটাইটিছ বি ভাইৰাছৰ সন্ধান উলিয়াইছিল । এই গুৰুতৰ ভাইৰাছৰ চিকিৎসাৰ বাবেও তেওঁ এই পৰীক্ষা আৰু ভেকচিন প্ৰস্তুত কৰিছিল । এই দিনটোত তেওঁলোক সন্মান জনাই বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় । ২০০৮ চনৰ পৰা এই দিৱস উদযাপন কৰা হৈছিল ।

লগতে পঢ়ক:Potato Benefits: আলুৰ আছে অবিশ্বাস্য উপকাৰিতা, যিয়ে আপোনাক কৰি তুলিব আচৰিত

Last Updated :Jul 28, 2023, 6:57 PM IST

ABOUT THE AUTHOR

...view details