অসম

assam

নিৰ্মীয়মান ঘৰৰ ওপৰৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ

By

Published : Jun 16, 2020, 8:22 PM IST

দিনৰ ভাগত কলেজৰ গৃহটো নিৰ্মাণ কৰি থকা অৱস্থাত ধাৰাসাৰে বৰষুণ অহাত নামিবলৈ লওতেই ওপৰৰ পৰা পিছলি গৈ অন্য এটা গৃহৰ ওপৰত পৰে।

A worker died from the roof of a house under construction
নিৰ্মিয়মান ঘৰৰ ওপৰৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ

লিডু, 16 জুনঃ লিডুত অঘটন । নিৰ্মীয়মান ঘৰৰ ওপৰৰ পৰা পৰি মৃত্যু হৈছে এজন শ্ৰমিকৰ। মৃত শ্ৰমিক জনৰ নাম লিডু ৰিংগাও নিবাসী মহেশ ভূমিজ (৪৫)। জানিব পৰা মতে,মৃত শ্ৰমিকজনে আৰু দুজন লগৰীয়াৰ সৈতে মিলি লিডু জুনিয়ৰ কলেজৰ গৃহ নিৰ্মাণৰ কাম কৰি আছিল। দিনৰ ভাগত কলেজৰ গৃহটো নিৰ্মাণ কৰি থকা অৱস্থাত ধাৰাসাৰে বৰষুণ অহাত নামিবলৈ লওতেই ওপৰৰ পৰা পিছলি গৈ অন্য এটা গৃহৰ ওপৰত পৰে। উক্ত ঘৰটোও এলবেষ্টাৰ ভাগি তলৰ পকাত মূৰ ঠেকেছা খাই পৰাৰ ফলতেই শ্ৰমিক জনৰ মৃত্যু হয় বুলি লগৰীয়া শ্ৰমিকে জানিবলৈ দিয়ে। ঘটনাৰ পিছতে লিডুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ চমজি লৈছে। পত্নীসহ দুটি সন্তান এৰি থৈ যোৱা শ্ৰমিকজনৰ এনে অকাল মৃত্যুয়ে অঞ্চলটোতে শোঁ‌কৰ ছাঁ‌ পেলাইছে।

নিৰ্মিয়মান ঘৰৰ ওপৰৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ

TAGGED:

লিডু

ABOUT THE AUTHOR

...view details