অসম

assam

Rang Ghar controversy: ৰংঘৰৰ আলোক সজ্জাকলৈ শিৱসাগৰত চৰকাৰ বিৰোধী প্ৰতিবাদ

By

Published : Apr 29, 2023, 8:37 PM IST

ৰংঘৰক ধৰ্মীয় মেৰুকৰণত ব্যৱহাৰ কৰাৰ বিৰুদ্ধে শিৱসাগৰত চলিছে জোৰদাৰ প্ৰতিবাদ ৷ বিভিন্ন দল-সংগঠনে সমজুৱাকৈ আজি চৰকাৰী পক্ষৰ বিৰুদ্ধে একেলগে থিয় দিছে (Rang Ghar controversy) ৷

rang ghar controversy
শিৱসাগৰত চলিছে জোৰদাৰ প্ৰতিবাদ

শিৱসাগৰত চলিছে জোৰদাৰ প্ৰতিবাদ

শিৱসাগৰ, 29 এপ্ৰিল : উত্তাল শিৱসাগৰৰ ৰাজপথ, পুৰুষ-মহিলা, দল-সংগঠনে একেলগে ধিক্কাৰ দিছে চৰকাৰৰ কাৰ্যকলাপক ৷ চৰকাৰী কাৰ্যৰ আলম লৈ সকলোতে হিন্দুত্ববাদৰ ৰহন সানিব বিচৰা চৰকাৰে এৰি নিদিলে এটা জাতিৰ স্বাভিমান, অসমীয়াৰ আহোম গৌৰৱ ৰূপে চিহ্নিত ‘ৰংঘৰ’ক ৷ প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানৰ বাবে আলোকসজ্জাৰে আলোকিত কৰাৰ নামত ৰংঘৰত চৰকাৰে জিলিকালে ধৰ্মীয় কীৰ্তিচিহ্ন ৷ এই কথাক লৈ এতিয়া ক্ষোভত ফাটিছে অসমৰ ৰাইজ (Rang Ghar decorating controversy) ৷

এফালৰ পৰা সকলোৱে চৰকাৰক সমালোচনা কৰাৰ লগতে ঠায়ে ঠায়ে হৈছে প্ৰতিবাদ ৷ শিৱসাগৰত ওলাই আহিল সৰহ সংখ্যক ৰাইজ ৷ প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰংঘৰৰ সন্মুখতেই প্ৰতিবাদত নামিল ৰাইজ (protest in Sivasagar Rang Ghar controversy) ৷

লগতে পঢ়ক :Rang Ghar controversy: ৰংঘৰৰ বিতৰ্ক সন্দৰ্ভত মৌন সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক "মন কী বাত"ৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে ভাৰতৰ তেৰটা প্ৰাচীন কীৰ্তিচিহ্নত ব্যাপক আয়োজন কৰিছে চৰকাৰে । ৰংঘৰো এইসমূহৰ মাজৰে এটা ৰূপে ভাৰত চৰকাৰে চয়ন কৰিছিল । যাৰ বাবে ৰংঘৰক আলোকসজ্জাৰে উজলাই তুলিবলৈ বিৰাট আয়োজন কৰি শুকুৰবাৰে বিয়লিৰ পৰা ৰংঘৰ পোহৰাই তোলা হৈছিল । কিন্তু এই আলোকসজ্জাত দেখা গ’ল ধৰ্মীয় প্ৰলেপ ।

প্ৰজেক্টৰৰ জৰিয়তে ৰংঘৰক পোহৰাই তোলাৰ আচিলাত ৰংঘৰত প্ৰতিফলিত কৰা হ'ল হিন্দু ধৰ্মৰ বিভিন্ন প্ৰতীক চিহ্ন । লগতে প্ৰতিফলিত কৰা হ'ল প্ৰধানমন্ত্ৰী মোডীৰ ছবি । ইয়াকে কেন্দ্ৰ কৰি বিভিন্ন ব্যক্তি-দল-সংগঠনে ৰংঘৰক বিকৃত কৰিছে বুলি সৰৱ হৈ উঠিছে (Various organisations hold protest in Sivasagar) । শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে ৰংঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি এনে ধৰ্মীয় মেৰুকৰণৰ কামৰ পৰা আঁতৰি থাকিবলৈ সকিয়াই দিয়ে চৰকাৰক (Rang Ghar Sivasagar)।

লগতে পঢ়ক :Rang Ghar controversy: ৰংঘৰৰ বিতৰ্ক সন্দৰ্ভত মৌন সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা

ABOUT THE AUTHOR

...view details