অসম

assam

মুকালমুৱাত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

By

Published : Aug 2, 2021, 7:08 PM IST

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি (PM Kisan Samman Nidhi Yojana)ত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবীত অসম ৰাজ্যিক কৃষক সভাই সোমবাৰে সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নলবাৰী জিলাৰ মুকালমুৱাতো বৰক্ষেত্ৰী আঞ্চলিক কৃষক সভাই এই দুৰ্নীতিৰ তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

Nikhil Bharat Krishak Sabha Protest at Nalbari
মুকালমুৱাত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

নলবাৰী, ২ আগষ্ট : নলবাৰী জিলাৰ মুকালমুৱাত সোমবাৰে নিখিল ভাৰত কৃষক সভাৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পেট্ৰ’ল-ডিজেল (Petrol-Diesel)ৰ মূল্যবৃদ্ধি ৰোধ, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি (PM Kisan Samman Nidhi Yojana)ত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লে’ কাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

মুকালমুৱাত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

নিখিল ভাৰত কৃষক সভাৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে মুকালমুৱাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ সন্মুখৰ পৰা বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এই প্ৰতিবাদী সমদল উলিয়ায় ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰক এই দুৰ্নীতিৰ শীঘ্ৰে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে, নিখিল ভাৰত কৃষক সভাৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক কৃষক সভাৰ আহ্বানত সোমবাৰে সমগ্ৰ ৰাজ্যতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

সমগ্ৰ ৰাজ্যৰ লগতে মুকালমুৱাতো বৰক্ষেত্ৰী আঞ্চলিক কৃষক সভাই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ দুৰ্নীতিৰ তদন্তৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক :দিল্লীয়ে উত্তৰ পূৱৰ ৰাজ্য সমূহত সমন্বয় স্থাপন হোৱাতো নিবিচাৰে: লুৰীণজ্যোতি

ABOUT THE AUTHOR

...view details