ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ব্যাপক সংস্কাৰৰ প্ৰয়োজনবোধ শিক্ষামন্ত্ৰীৰ
কলিয়াবৰত ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে কিয় ক'লে অদূৰ ভৱিষ্যতে বাহন চলাবলৈ নালাগিব চালক । কি এনে প্ৰযুক্তিয়ে নিয়ন্ত্ৰণ কৰি চালকবিহীন বাহনখন । হাতৰ মোবাইল ফোনটোক কিয় চতুৰ্থ শিল্প বিপ্লৱ বুলি ক'লে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে আধুনিক শিক্ষাক কৰি তুলিব অধিক গতিময় আৰু সুদূৰ প্ৰসাৰী । "আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষা ব্যক্তিগত বিদ্যালয়তকৈ বহু গুণে বেছি হ'ব লাগিব ।" ডাঃ ৰণোজ পেগু ।
Published : November 26, 2023 at 10:10 PM IST
কলিয়াবৰ, ২৬ নৱেম্বৰ :কলিয়াবৰত কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ অন্তিমদিনা মনোজ্ঞ ভাষণেৰে ছাত্ৰ-ছাত্ৰী তথা উপস্থিত সভাসদক এক প্ৰকাৰ মুগ্ধ কৰি ৰাখে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । পৃথিৱীক আধুনিক যুগৰ সোৱাদ দিয়া অতীতৰ শিল্প বিপ্লৱৰ আলম লৈ সমগ্ৰ বিশ্বৰ কাৰিকৰী পৰিৱৰ্তনৰ আলমেৰে বৰ্তমানৰ সকলোৰে হাতৰ মুঠিত থকা মোবাইল ফোনটোৰ অকল্পনীয় ব্যৱহাৰৰ বিষয়ে আলোকপাত কৰে মন্ত্ৰীগৰাকীয়ে ৷
তেওঁ কয়, "কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত যি আমূল পৰিৱৰ্তনৰ সূচনা হৈছে, সেয়া আমাৰ বাবে হৈ পৰিব পাৰে আশীৰ্বাদ । সেই পৰিৱৰ্তনে ইতিমধ্যে ইন্ধন নোহোৱাকৈ চলিব পৰা বাহন নিৰ্মাণ হৈ থকাৰ সময়তে অনতি পলমে চালকবিহীন বাহন আমাৰ মাজলৈ অহাৰ বাট প্ৰশস্ত কৰাৰ দিন সমাগত ।"
আনহাতে, আধুনিক প্ৰযুক্তিয়ে আধুনিক শিক্ষা ব্যৱস্থাক কিদৰে লাভান্বিত কৰিছে আৰু ইয়াৰ অধিক আৰু সৎ ব্যৱহাৰে সমগ্ৰ মানৱ জাতিক কিদৰে উপকৃত কৰিব পাৰে সেই লৈ মনোগ্ৰাহী ভাষণেৰে সকলোকে মুগ্ধ কৰি ৰাখে শিক্ষা মন্ত্ৰীয়ে । দেওবাৰে অন্তিমদিনাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে অতি কম দিনৰ ভিতৰতে বিদ্যালয়সমূহৰ আমুল পৰিবৰ্তন হ'বলৈ গৈ আছে ।
তেওঁ লগতে কয় বৰ্তমান বিশ্বৰ সকলো দ্ৰুত গতিত আগবাঢ়িছে, তাৰ লগে লগে আমিও আগবাঢ়ি গৈ থাকিব লাগিব । ভাষণ প্ৰসংগত তেওঁ কয় যে আমি এতিয়া এপ বেছ ছ'চাইটীৰ ফালে আগবাঢ়ি গৈ আছোঁ । মন্ত্ৰীগৰাকীয়ে লগতে কয়, আগন্তুক দিনত প্ৰত্যেকখন উচ্চতৰ মাধ্যমিক বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হ'ব । এই বিদ্যালয়খনৰো উন্নয়ন ঘটোৱা হ'ব । প্ৰত্যেক বছৰত আঢ়ৈশ বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হ'ব ।
আমাৰ শিক্ষা ব্যৱস্থাৰ বহু সংস্কাৰ কৰিবলগা আছে বুলিও মন্ত্ৰী পেগুৱে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । আনহাতে, মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি মন্ত্ৰী কেশৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত চিকিৎসক-গায়ক তথা খুহুতীয়া কথাৰ ঠুনপাক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে স্বভাৱসুলভ বক্তব্যৰে ছাত্ৰ-ছাত্ৰীৰ কৰণীয়ৰ বিষয়ে ৰসাল পৰামৰ্শ আগবঢ়ায় । লগতে তেওঁ গীত পৰিবেশন কৰি সভাস্থলীত হাঁহিৰ খোৰাক যোগায় ।
লগতে পঢ়ক :২৮ নৱেম্বৰৰ পৰা ৰাজ্যৰ চাহ বাগানত বিজেপিৰ সংকল্প যাত্ৰা