ডিফু, 18 অক্টোবৰ :পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙক শিক্ষাৰ পোহেৰেৰে অধিক পোহৰাই তুলিবলৈ পৰিষদে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থত এইবাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগে নিজাববীয়াকৈ আয়োজন কৰিছে গুণোৎসৱৰ ৷
আজিৰে পৰা তিনিদিনীয়াকৈ দুয়োখন পাহাৰীয়া জিলাতে অনুষ্ঠিত হৈছে গুণোৎসৱ ৷ বুধবাৰে ডিফুৰ ৰংনিহাং প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ উপৰিও আন্তঃগাঁথনিৰো বুজ লয় মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷
পাহাৰীয়া জিলা দুখনৰ শিক্ষাৰ মান পূৰ্বতকৈ যথেষ্ট উন্নত কৰাৰ স্বাৰ্থতে পৰিষদে নিজাববীয়াকৈ গুণোৎসৱৰ আয়োজন কৰা বুলি কয় মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ জিলা দুখনৰ প্ৰতিখন প্ৰাথমিক, মধ্য ইংৰাজী, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে ৷