অসম

assam

ৰঙিয়াত আক্ৰাছুৰ প্ৰতিবাদ

By

Published : Jul 7, 2020, 4:18 PM IST

ৰঙিয়াত মূল্যবৃদ্ধি আৰু নতুন ভূমিনীতিৰ বিৰুদ্ধে আক্ৰাছুৰ প্ৰতিবাদ । ৰঙিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি ৷

All Koch Rajbongshi Students' Union protest at Rangia
ৰঙিয়াত আক্ৰাছুৰ প্ৰতিবাদ

ৰঙিয়া,7জুলাইঃৰঙিয়াত মূল্যবৃদ্ধি আৰু নতুন ভূমিনীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আক্ৰাছু দল ৷ ৰঙিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি ৷ কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু ভূমি নীতিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন ৷ অত্যাৱশ্যকীয় সামগ্ৰী বিশেষকৈ চাউল ,আলু-পিয়াঁজ , মিঠাতেল , দাইল , আটা আদিৰ মূল্য অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷

ৰঙিয়াত আক্ৰাছুৰ প্ৰতিবাদ

আনহাতে সংগঠনটোৱে চৰকাৰে খিলঞ্জীয়া বিৰোধী ভূমি নীতি বলৱৎ কৰিবলৈ ওলোৱা কাৰ্যৰো ক্ষুৰধাৰ সমালোচনা কৰে । পিছত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক-পত্ৰ ।

পঢ়ক অন্য এক খবৰঃসুশান্তৰ অন্তিমখন ছবিৰ ট্ৰেইলাৰে ভাবুক​ কৰি তুলিলে অনুৰাগীক

ABOUT THE AUTHOR

...view details