অসম

assam

বেজৰ নাকতেই খৰ ! লুট-পাটত স্বয়ং আৰক্ষী

By

Published : Jul 26, 2019, 2:29 PM IST

Updated : Jul 26, 2019, 2:34 PM IST

ডকাইতৰূপী আৰক্ষী ৷ খোদ আৰক্ষীৰ জালত আৰক্ষী বিষয়া ৷

লুট-পাতত স্বয়ং আৰক্ষী

গুৱাহাটী, 26 জুলাই : এইবাৰ লুট-পাটত নামিল স্বয়ং আৰক্ষী বিষয়া ৷ মিজোৰামৰ এগৰাকী মহিলাৰ পৰা ২০ লাখ টকা লৈ উধাও হোৱা হাতীগাঁও থানাৰ দুই উপ-পৰিদৰ্শক(SI) ক্ৰমে জন পাথৰি আৰু প্ৰাঞ্জল বৰা আৰু গৃহৰক্ষী জোৱান বিপুল হাজৰিকা আৰক্ষী জালত ৷ মিজোৰামৰ মহিলাগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত নিশা দিছপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে উপ পৰিদৰ্শক(SI) জন পাথৰি, প্ৰাঞ্জল বৰা গৃহৰক্ষী জোৱান বিপুল হাজৰিকা আৰু ঘটনাটোৰ মূল অভিযুক্ত প্ৰকাশ সোনাৰক ৷

লুট-পাতত স্বয়ং আৰক্ষী

লগতে এই ঘটনাত ব্যৱহৃত ইন'ভা AS 06 R 0332 নম্বৰৰ এখন গাড়ী আৰু নগদ ২০ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় লোককেইজনৰ পৰা । ইপিনে ঘটনাৰে জড়িত চাৰি অভিযুক্তক জেৰা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে ৷

Intro:ৰক্ষকেই ভক্ষক। খোদ আৰক্ষী বিষয়া নামি পৰিল লুট পাটত।







Body:বৃহস্পতিবাৰে নিশা তালাচী অভিযানত হাটীগাঁও থানাৰ উপপৰিদৰ্শক জন পাথৰি আৰু প্ৰাঞ্জল বৰা আৰু গৃহৰক্ষী জোৱান বিপুল হাজৰিকা আৰু মূল অভিযুক্ত প্ৰকাশ সোনাৰৰ আৰু এজন গাড়ী চালক লগ লাগি মিজোৰামৰ এগৰাকী মহিলাৰ পৰা ২০ লাখ টকা লৈ উধাও হৈছিল। পাছত মহিলা গৰাকীয়ে দিছ্পুৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত নিশাৰ ভিতৰতে দিছপুৰ আৰক্ষীয়ে অভিযান চলায় উপ পৰিদৰ্শক জন পাথৰি, প্ৰাঞ্জল বৰা গৃহৰক্ষী জোৱান বিপুল হাজৰিকা আৰু মূল অভিযুক্ত প্ৰকাশ সোনাৰক এই ঘটনাৰে জড়িত হোৱাৰ বাবে গ্ৰেপ্তাৰ কৰে।


এই ঘটনাত ব্যৱহিত ইনভা AS 06 R 0332 নম্বৰৰ এখন গাড়ী আৰু নগদ ২০ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰে জড়িত চাৰি অভিযুক্তক দিছপুৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

byte ACP Assames and Hindi

PTC Assanes and Hindi


Conclusion:Asrar Ansari
গুৱাহাটী
Last Updated : Jul 26, 2019, 2:34 PM IST

ABOUT THE AUTHOR

...view details