দিছপুৰ, 28 জুলাইঃ ফেচবুকত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদৰ এটা পোষ্টে আওপকীয়াকৈ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰি থকাৰ সময়তেই দেওবাৰে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদমেলযোগে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে "এতিয়া আমাৰ বেয়াৰ দিন । দেউতাৰ চাকৰি গল , বাইদেউৱে কলেজৰ নামভৰ্তিৰ বাবে পইচা বিচাৰিছে , আৰু মই এখন চাইকেল বিচাৰিছোঁ , মায়ে আকৌ খোৱা বোৱাৰ কাৰণে টকা বিচাৰি আছে ।"
দুলু আহমেদৰ বিতৰ্কিত ফেচবুক পোষ্টক লৈ কি ক'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে?
ফেচবুকত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদে আওপকীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ ওপৰত আগবঢ়োৱা বিতৰ্কিত পোষ্ট সম্পৰ্কত মন্তব্য বিধায়ক কুৰ্মীৰ ৷ চাওঁক কি ক'লে বিধায়কগৰাকীয়ে------
দুলু আহমেদৰ বিতৰ্কিত ফেচবুক পোষ্টক লৈ কি ক'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে?
এখন ঘৰত অৰ্থৰ অভাৱত এনেবোৰ অৱস্থাৰ উদ্ভৱ হোৱাৰ দৰে বহুদিন ক্ষমতাৰ পৰা বিমুখ হোৱাৰ ফলত কংগ্ৰেছতো একেই সদৃশ অৱস্থা চলি আছে বুলি বিধায়কগৰাকীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে ৷ তেওঁ কংগ্ৰেছ নেতা তথা দলীয় কৰ্মী সকলোকে দলৰ বেয়া দিন চলি থকা এই সময়খিনিত একত্ৰিত হৈ দলৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় ৷