অসম

assam

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সঞ্জু দাসলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

By

Published : Oct 6, 2022, 9:20 PM IST

অভিশপ্ত নাও দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লোৱা ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসক আজি শ্ৰদ্ধাৰে সুঁৱৰিছে ধুবুৰী জিলা প্ৰশাসনে । চক্ৰ বিষয়াৰ কাৰ্যালয়ত আয়োজন কৰা এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত ধুবুৰী জিলা উপায়ুক্তকে ধৰি বিষয়া কৰ্মচাৰীসকলে সঞ্জু দাসক জ্ঞাপন কৰে শেষ শ্ৰদ্ধাঞ্জলি (Dhubri circle officer Sanju Das died in dhubri boat accident)।

Tribute ceremony of circle officer Sanju Das in Dhubri
ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সঞ্জু দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ধুবুৰী, 6 অক্টোবৰ: 29 ছেপ্টেম্বৰৰ দিনা ধুবুৰীত সংঘটিত হৈছিল এক শোকাৱহ নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসে (Circle officer Sanju Das body found) ৷ ঘটনাটো সংঘটিত হোৱাৰ দিনা অৰ্থাৎ ২৯ ছেপ্টেম্বৰত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবৰ বাবে ওলাই গৈছিল চক্ৰ বিষয়াগৰাকী ৷

এজন লাট মণ্ডল আৰু এজন কৰ্মচাৰী লগত লৈ ধুবুৰীৰ আমিনেৰ চৰৰ খহনীয়া অঞ্চলৰ ক্ষয়-ক্ষতিৰ বুজ লৈ দহ বজাত নিজৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লক্ষ্য আছিল বুলি জানিবলৈ পোৱা গৈছে ৷ কিন্তু এক অনাকাংক্ষিত ঘটনাই যেন সলায় দিলে সকলো (Dhubri Boat Capsize) ৷

সম্পূৰ্ণ চাৰিদিন অৰ্থাৎ প্ৰায় 72 ঘণ্টা পাছত বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় (Dhubri circle officer Sanju Das died in dhubri boat accident) ৷ দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় এক কিল'মিটাৰ নিলগত উদ্ধাৰ হয় সঞ্জু দাসৰ মৃতদেহ ।

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সঞ্জু দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অভিশপ্ত নাও দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লোৱা ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসক আজি শ্ৰদ্ধাৰে সুঁৱৰিছে ধুবুৰী জিলা প্ৰশাসনে (Pays tribute to Sanju Das) ৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আয়োজন কৰা এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপায়ুক্তকে ধৰি বিষয়া কৰ্মচাৰীসকলেও জ্ঞাপন কৰে শেষ শ্ৰদ্ধাঞ্জলি ।

ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত চৰকাৰী নিৰ্দেশনা অনুযায়ী ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত এক শোকাকুল পৰিৱেশৰ মাজেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় । ধুবুৰী জিলা উপায়ুক্ত আন্বামুথন এম পিৰ লগতে অতিৰিক্ত উপায়ুক্ত তথা ধুবুৰী ৰাজহ চক্ৰৰ কৰ্মৰত বিষয়া কৰ্মচাৰীসকলে হাতে হাতে মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । ইফালে দুৰ্ঘটনাটোৰ ন্যায়িক তদন্ত চলি থকা বুলিও জনায় ধুবুৰী জিলা উপায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক:নাও দুৰ্ঘটনাত মৃত্যু হোৱা চক্ৰ বিষয়া সঞ্জু দাসলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শ্ৰদ্ধাঞ্জলী

ABOUT THE AUTHOR

...view details