অসম

assam

বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইনৰ বাবে সাজু দৰং জিলা প্ৰশাসন

By

Published : May 14, 2020, 1:14 PM IST

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দৰং জিলাতো বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ বুধবাৰে এই সন্দৰ্ভত জিলাখনৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত এখন জৰুৰী সভা অনুষ্ঠিত হয় ৷

darrang-administration-ready-to-quarantine-people
বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইনৰ বাবে সাজু দৰং জিলা প্ৰশাসন

দৰং,14 মে' :ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা লোকসকলক চৰকাৰে নিজ মাতৃভূমিলৈ ঘূৰাই অনা আৰু লগতে তেওঁলোকক নিৰ্দিষ্ট দিন কোৱাৰেন্টাইন কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ সমান্তৰালকৈ দৰং জিলাতো ৰাজ্যৰ বাহিৰৰ পৰা ঘূৰি অহা লোকসকলক কোৱাৰেন্টাইন কৰাৰ কেনেধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে সেই বিষয়ে আলোচনা কৰিবলৈ বুধবাৰে জিলাখনৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয় । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ছিপাঝাৰ, মঙলদৈ, কলাইগাওঁ সমষ্টিৰ বিধায়ক ক্ৰমে বিনন্দ কুমাৰ শইকীয়া, গুৰুজ্যোতি দাস, মহেশ্বৰ বড়োৰ উপৰি আৰক্ষী অধীক্ষক অমৃত ভূঞা, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়াসকল তথা বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত উপায়ুক্ত দিলীপ কুমাৰ বৰাই জিলাখনত ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলৰ সফল কোৱাৰাইন্টাইনৰ ব্যৱস্থা ল'বলৈ স্বাস্থ্য বিভাগকে মুখ্য কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা আন আন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে ।

দৰং জিলা প্ৰশাসনৰ বিশেষ সভা

সভাত অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই জানিবলৈ দিয়ে যে, ইতিমধ্যে ৰাজ্যৰ বাহিৰৰ পৰা প্ৰায় ৯ হাজাৰ লোকে জিলাখনলৈ ঘূৰি আহিবলৈ আবেদন জনাইছে । বুধবাৰে আহি পাবলগীয়া ৪ জন লোকক জনাৰামচৌকাৰ মডেল হাস্পতালত কোৱাৰেন্টাইন কৰা হ'ব । প্ৰাৰম্ভিকতে জিলাখনৰ কোৱাৰেন্টাইনৰ বাবে প্ৰস্তুত কৰা কেন্দ্ৰসমূহ হ'ল - জৱাহৰ নবোদয় বিদ্যালয়, ধূলা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, মঙলদৈ মহাবিদ্যালয় ছাত্রী নিবাস, ছিপাঝাৰ মহাবিদ্যালয় ছাত্রী নিবাস, হোটেল সিদ্ধাৰ্থ পেলেচ, হোটেল মধুবন, খাৰখোৱা হোটেল, শ্যামলী হোটেল ।

আনহাতে, আন আন কোৱাৰেন্টাইন কেন্দ্ৰসমূহ স্থাপনৰ আগতে সুবিধা-অসুবিধাসমূহ চালি জাৰি চাবৰ বাবে বৃহস্পতিবাৰে উপায়ুক্তই বিভিন্ন বিদ্যালয়কে ধৰি বিভিন্ন স্থানসমূহ নিজে পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়কঃCOVID-19 : ভাৰতৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details