অসম

assam

নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবীত সাপেখাতীত প্ৰতিবাদ

By

Published : Jun 9, 2021, 6:25 PM IST

চৰাইদেউৰ সাপেখাতী বৰুৱা নগৰৰ এগৰাকী দুই সন্তানৰ মাতৃক নাৰী সৰবৰাহকাৰীয়ে বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ ৷ অভিযোগ অনুসৰি, নাৰী সৰবৰাহকাৰী অজিত গগৈ আৰু গগৈ উপাধিৰ মহিলাগৰাকীয়ে লগ হৈ একে অঞ্চলৰে এগৰাকী মহিলাক ৰাজস্থানৰ জগদীশ গুপ্তা নামৰ এটা নাৰী সৰবৰাহকাৰীক ২৫,০০০ হাজাৰ টকাত বিক্ৰী কৰে ।

human-trafficking-incident-in-sapekhati
নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবীত সাপেখাতীত প্ৰতিবাদ

মৰাণ, 9 জুন : চৰাইদেউৰ সাপেখাতী বৰুৱা নগৰৰ এগৰাকী দুই সন্তানৰ মাতৃক নাৰী সৰবৰাহকাৰীয়ে বহিঃৰাজ্যত বিক্ৰী কৰাৰ এক ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে বৰুৱানগৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । বৰুৱানগৰৰ খৰিয়াভেটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত মঙলবাৰে শতাধিক মহিলাই সমবেত হৈ আৰক্ষী আৰু নাৰী সৰবৰাহকাৰীৰ সৈতে জড়িত থকা দুই অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰে তীব্র প্ৰতিবাদ ।

নাৰী সৰবৰাহকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত বৰুৱা নগৰৰ গগৈ উপাধিৰ এগৰাকী মহিলা আৰু অজিত গগৈক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ৷

নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবীত সাপেখাতীত প্ৰতিবাদ

অভিযোগ অনুসৰি, নাৰী সৰবৰাহকাৰী অজিত গগৈ আৰু গগৈ উপাধিৰ মহিলাগৰাকীয়ে লগ হৈ একে অঞ্চলৰে এগৰাকী মহিলাক ৰাজস্থানৰ জগদীশ গুপ্তা নামৰ এটা নাৰী সৰবৰাহকাৰীক ২৫০০০ হাজাৰ টকাত বিক্ৰী কৰে ।

উল্লেখ্য যে, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বত থকাৰ লগতে বিভিন্ন সামাজিক কামত জড়িত থকা লম্পট অজিত গগৈৰ লগতে গগৈ উপাধিৰ মহিলাগৰাকীয়ে ভুক্তভোগী মহিলাগৰাকীক বিভিন্ন প্ৰলোভনেৰে নাৰী দেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ।

আনহাতে গগৈ উপাধিৰ মহিলাগৰাকীয়ে সাপেখাতীত বিউটি পাৰ্লাৰৰ অচিলা লৈ বিগত দীৰ্ঘদিন ধৰি চৰাইদেউৰ বৃহৎ অঞ্চলত নাৰী সৰবৰাহৰ লগতে দেহ ব্যৱসায় কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । যাৰ ফলস্বৰুপে গাঁৱৰ সহজ সৰল মহিলা সকলক লক্ষ্য কৰি লৈছে এই চক্ৰটোৱে ।

ইফালে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে যোৱা ১ জুনত বৰহাট আৰক্ষী থানাত দু্​ই নাৰী সৰবৰাহকাৰী বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও বৰহাট আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ব কৰিবলৈ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰহে অভিযোগ তুলিছে সচেতন মহলে । যাৰ ফলতে পলাতক হৈ থকা অজিত গগৈ আৰু গগৈ উপাধিৰ মহিলাগৰাকীক সোনকালে গ্ৰেপ্তাৰ কৰাৰ লগতে নাৰী সৰবৰাহকাৰীৰ কবলত পৰা মহিলা গৰাকীক উদ্ধাৰ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: কৰ’ণা মহামাৰীয়ে সলনি কৰিছে ত্ৰিপুৰাৰ ৰিক্সাচালকৰ জীৱন

ABOUT THE AUTHOR

...view details