অসম

assam

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু মহানগৰ জিলা প্ৰশাসন

By

Published : Apr 21, 2019, 10:35 AM IST

23 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বেই এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷

ড্ৰাই ডে

গুৱাহাটী, 21 এপ্ৰিলঃতৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ অহা 23 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ জিলা প্ৰশাসনে জাৰী কৰিছে নিষেধাজ্ঞা ৷

ড্ৰাই ডে

সেই অনুসৰি, দেওবাৰে বিয়লি 5 বজাৰ পৰা 23 এপ্ৰিল অৰ্থাৎ মঙলবাৰে বিয়লি 5 বজালৈ জিলা প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই ডে ৷ এই সময়ছোৱাত সুৰাৰ বিপনী, বাৰ, ক্লাৱ আদিৰ লগতে বণ্ডেদ ৱেৰহাউচসমূহো বন্ধ ৰখাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে ৷ এই নিয়ম অমান্য কৰিলে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবেই জিলা প্ৰশাসনে এইদৰে কঠোৰ নিৰ্দেশনা জাৰী কৰিছে ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ড্ৰাই ডে ঘোষণা। আজি বিয়লি ৫বজাৰ পৰা ২৩ এপ্ৰিলৰ ৫বজালৈ ঘোষণা ড্ৰাই ডে। এই সময়চোৱাত সুৰাৰ বিপনী, বাৰ ক্লাৱ বন্ধ থাকিব। বণ্ডেড ৱেৰহাউচসমূহো বন্ধ ৰখাৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে। নিয়ম অমান্য কৰিলে প্ৰসাশনে গ্ৰহণ কৰিব শাস্তিমূলক ব্যৱস্থা। নিৰ্বাচনৰ প্ৰাকক্ষণত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনে জাৰি কৰিছে কেটবোৰ কঠোৰ নিৰ্দেশনা।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932

ABOUT THE AUTHOR

...view details