অসম

assam

অন কেমেৰা লাট মণ্ডলে ল’লে ঘোচ

By

Published : Sep 11, 2022, 7:24 PM IST

কলগাছিয়াত লাট মণ্ডলে অন কেমেৰাত ল’লে ঘোচ (Allegation of bribery against Lat Mandal at Kalgachia)। ধোঁৱা চাঙত উঠিছে এতিয়া চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ঘোষণা ৷ এই অভিযোগ কলগাছিয়াৰ আমছু নেতাৰ ৷ সেয়ে এই ক্ষেত্ৰত নিৰপেক্ষ তদন্তৰ দাবী জনাইছে আমছুৰ লগতে বহু দল সংগঠনৰ সদস্যই ।

Allegation of bribery against Lat Mandal
কলগাছিয়াত লাট মণ্ডলে অন কেমেৰাত ল’লে ঘোষ

জনিয়া, 11 ছেপ্টেম্বৰ :খঁক গুচা নাই লাট মণ্ডলৰ ৷ দৰমহাৰ টকাৰে পেট নভৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাচতো প্ৰশাসনক ভেঙুচালি কৰি একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দপদপনি অব্যাহত আছে ৷

ৰাজ্যত প্ৰতিদিনে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰাৰ সময়তে কলগাছিয়াৰ লাট মণ্ডলৰ বিৰুদ্ধে উত্থাপিত হৈছে উৎকোচ লোৱাৰ অভিযোগ (Allegation of bribery against Lat Mandal at Kalgachia) ৷ লুকাই চুৰ কৰি নহয় ৷

অন কেমেৰা লাট মণ্ডলে ল’লে ঘোচ

এইবাৰ মুকলিকৈ কলগাছিয়াৰ লাট মণ্ডলে লৈছে উৎকোচ (Viral video of Bribery)৷

লগতে পঢ়ক :উৎকোচ লোৱাৰ অভিযোগত বিটিআৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীক নিলম্বন

কলগাছিয়াৰ লাট মণ্ডলে কামৰ নামত মোটা অংকৰ ধন উৎকোচ লোৱাৰ ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । অভিযোগ অনুসৰি, চৰকাৰৰ বসুন্ধৰা আঁচনিৰ সুযোগ লৈ মাটিৰ কামৰ লগতে অন্যান্য কামৰ বাবদ দীৰ্ঘদিনৰ পৰাই চলাই একাংশ লাট মণ্ডলে চলাই আহিছে এই লুণ্ঠনৰাজ ৷

এই অভিযোগ কলগাছিয়াৰ আমছু নেতাৰ ৷ সেয়ে উক্ত বিষয় সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে আমছুৰ লগতে বহু দল সংগঠনৰ সদস্যই ৷

লগতে পঢ়ক :মাটি বাৰী লেনদেনৰ নামত উৎকোচ লোৱাৰ অভিযোগ জোনাইৰ লাট মণ্ডলৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details