বাক্সা, 12 জুন : বাক্সা জিলাৰ ছাপাগুৰি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই (Urkhaw Gwra Brahma) শুকুৰবাৰে মুছলপুৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে ৷ ক’ভিডৰ সৈতে যুঁজ দিয়াৰ বাবে চিকিৎসালয়খনক নতুন ৰূপত গঢ় দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ চিকিৎসালয় কৰ্তৃপক্ষৰ লগতো মত বিনিময় কৰে ৷
কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই ইতিমধ্যে মুছলপুৰ অসামৰিক চিকিৎসালয়ত ১২ খন আইচিইউ(ICU) যুক্ত বিচনা সাজু কৰাৰ কথা জানিবলৈ দিয়ে ৷ লগতে পাঁচখন আইচিইউ(ICU) বিচনা সম্পূৰ্ণ সাজু হৈ থকাৰ কথা জানিবলৈ দিয়ে ৷