স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ :খেলপথাৰৰ ভিতৰে বাহিৰে ভাৰতৰ শত্ৰু হিচাপে এসময়ত জনাজাত প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰে ছোৱেইব আখটাৰে প্ৰশংসা আগবঢ়াইছে আজিংকা ৰাহানে নেতৃত্বাধীন ভাৰতীয় টেষ্ট দলক ৷ মেলবৰ্ণত ভাৰতীয় দলে 8 উইকেটত জয় লাভ কৰি টেষ্ট শৃংখলাত সমতা স্থাপন কৰাৰ পাচতে প্ৰশংসা আগবঢ়ায় আখটাৰে ৷ তেওঁ কয় যে, ভাৰতে নিজৰ অতুলনীয় চৰিত্ৰ আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে ৷
আখটাৰে নিজৰ ইউটিউব চেনেলৰ জৰিয়তে কয়, "ভাৰতে অষ্ট্ৰেলিয়াক ধৰাশায়ী কৰিলে ৷ সংকটৰ সময়ত চৰিত্ৰ গঠন কৰা নহয়, প্ৰদৰ্শন কৰা হয় ৷ ভাৰতীয় দলে গভীৰ সংকটৰ সময়ত প্ৰতিভা আৰু চৰিত্ৰ প্ৰদৰ্শন কৰিলে ৷ তেওঁলোকে বিশাল অন্তৰৰ পৰিচয় দিলে ৷"
বিৰাট কোহলী, মহম্মদ ছামী আৰু ৰোহিত শৰ্মাৰ অনুপস্থিতিত সীমিত খেলুৱৈৰে ৰাহানেই প্ৰদৰ্শনৰ কৰা মহান নেতৃত্বই বাৰুকৈয়ে আপ্লুত কৰিলে আখটাৰক ৷
ৰাৱলপিণ্ডি এক্সপ্ৰেছ আখটাৰে কয়, "আজিংকাই শান্তভাৱে দলক নেতৃত্ব প্ৰদান কৰিলে ৷ তেওঁ দৃষ্টি আকৰ্ষণ কৰিবলৈ কোনো চেষ্টা নকৰি বলিঙত পৰিৱৰ্তন কৰিলে আৰু তেওঁৰ সফলতাই সঠিক কোলাহল আনিছে ৷ মৌনভাৱে কঠোৰ পৰিশ্ৰম কৰিলে সফলতাই নিশ্চয়কৈ কোলাহল কৰিব ৷"
ইয়াৰ পাচতে আখটাৰে অভিষেককাৰী মহম্মদ ছিৰাজ আৰু শুভমন গীলে চাপৰ মাজতে দেখুওৱা প্ৰদৰ্শনক প্ৰশংসা কৰে ৷