অসম

assam

ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ

By

Published : Oct 10, 2019, 10:33 AM IST

তিনি বছৰৰ পাছত ৰাজস্থানৰ পৰা উদ্ধাৰ হোজাই জিলা কাকীৰ এগৰাকী মহিলা ৷ হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত দুগৰাকী মহিলাক ৷

নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ হোজাই আৰক্ষীৰ

হোজাই, 10 অক্টোবৰঃ তিনি বছৰৰ পূৰ্বে হোজাই জিলাৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী মহিলাক ৰাজস্থানৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ নগাঁও জিলাৰ কামপুৰৰ পৰা অনুৰাধা পাটৰ আৰু হোজাই জিলাৰ কাকী জৰাবাৰীৰ আইমনি দেউৰী নামৰ দুই নাৰী সৰবৰাহকাৰীয়ে মহিলাগৰাকীক তিনি বছৰ পূৰ্বে বিক্ৰী কৰিছিল ৰাজস্থানত ৷ বিক্ৰী কৰা মহিলাগৰাকীক কাকী আৰক্ষীয়ে ২৬ নবেম্বৰত উদ্ধাৰ কৰে ৰাজস্থানৰ ঝুনঝুনা জিলাৰ পৰা ৷

নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ হোজাই আৰক্ষীৰ

বুধবাৰে ঘটনাৰ আলম লৈ কাকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলা দুগৰাকীক ৷ কাকী আৰক্ষী থানাত ৰুজু হোৱা ৩৯/১৯ নং গোচৰটোত আটকাধীন দুই সৰবৰাহকাৰী মহিলাক হোজাইৰ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ 366/370 ধাৰাত জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ কলগাছিয়াত কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন

ABOUT THE AUTHOR

...view details