অসম

assam

চীনৰ সৈতে দায়িত্বশীলভাৱে সম্পৰ্ক বজাই ৰখা বাইডেনৰ প্ৰধান উদ্দেশ্য

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 11:40 AM IST

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু চীনৰ ৰাষ্ট্ৰপতিৰ বহু প্ৰত্যাশিত বৈঠক অনুষ্ঠিত হয় । ৪ ঘণ্টীয়া বৈঠক সম্পৰ্কে জ' বাইডেনে এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা মুখ্য কাৰ্যবাহী বিষয়া সন্মিলনত মন্তব্য কৰে । চীনৰ সৈতে আমেৰিকাৰ প্ৰতিযোগিতা দায়িত্বশীলভাৱে পৰিচালনা কৰিবলৈ আগ্ৰহী বাইডেন ।

Biden says his intent is to responsibly manage relationship with China
চীনৰ সৈতে দায়িত্বশীলভাৱে সম্পৰ্ক বজাই ৰখা বাইডেনৰ প্ৰধান উদ্দেশ্য

ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ :চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাতৰ এদিন পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে কৈছে যে তেওঁৰ উদ্দেশ্য হৈছে চীনৰ সৈতে আমেৰিকাৰ সম্পৰ্ক দায়িত্বশীলভাৱে নিয়ন্ত্ৰণ কৰা ।

বাইডেনৰ মতে আমেৰিকা আৰু চীনৰ মাজত প্ৰতিযোগিতা দায়িত্বশীলভাৱে পৰিচালনা কৰিবলৈও তেওঁ আগ্ৰহী । বাইডেনৰ মতে বিশ্বইও তেওঁলোকৰ পৰাও এইটোৱেই আশা কৰে আৰু তেওঁ প্ৰতিশ্ৰুতি দিছে যে আমেৰিকাইও সেয়াই কৰি আছে । এপিইচিৰ মুখ্য কাৰ্যবাহী বিষয়া সন্মিলনত বাইডেনে ভাষণ প্ৰসংগত এই কথা উল্লেখ কৰে । উল্লেখ্য যে বুধবাৰে দুয়োগৰাকী নেতা প্ৰায় ৪ ঘণ্টা ধৰি বৈঠকত মিলিত হৈছিল ।

বৈঠক সম্পৰ্কে বাইডেনে কয় যে কোনো ভুল বুজাবুজি নথকাটো নিশ্চিত কৰিবলৈ তেওঁ ঝিক সাক্ষাৎ কৰিছিল । বাইডেনৰ মতে ঝিৰ সৈতে তেওঁৰ আলোচনা সদায় স্পষ্ট আৰু গঠনমূলক আছিল । বাইডেনৰ মতে আমেৰিকাই কোনো বিবাদ বিচৰা নাই । যাৰ বাবে তেওঁলোকে দুয়োখন দেশৰ মাজত সামৰিক আৰু বিভিন্ন বিষয়ত চুক্তি স্বাক্ষৰ কৰিছে ।

বাইডেনে কয় যে আমেৰিকাই চীনৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক কৰ্তন নকৰে আৰু বিপদাশংকামুক্ত আৰু বৈচিত্ৰ্যময় কৰাত হে গুৰুত্ব আৰোপ কৰি আছে । আমেৰিকাই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেও লক্ষ্য নিৰ্ধাৰণ কৰিছে । আমেৰিকাই মূল্যবোধ আৰু স্বাৰ্থৰ বাবে থিয় দিয়াত দৃঢ় হ'ব । বাইডেনে দৃঢ়তাৰে কয় যে আমেৰিকা প্ৰশান্ত মহাসাগৰীয় শক্তি হৈ থাকিব ।

বাইডেনে কয় যে প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আমেৰিকাৰ গুৰুত্ব সম্পৰ্কে তেওঁ ঝিক অৱগত কৰিছিল । বাইডেনে লগতে কয় যে আমেৰিকা প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ হৈ আছে আৰু অঞ্চলটো আমেৰিকাৰ বাবেও পূৰ্বতকৈ ই অধিক গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :Joe Biden and Xi Jinping meeting : কি কি বিষয়ত একমত জ' বাইডেন আৰু ঝি জিনপিং ?

ABOUT THE AUTHOR

...view details