অসম

assam

Salman Khan: ঈদত অনুৰাগীৰ সৈতে পাৰ্টি কৰিব ছলমান খানে, লগ কৰিব বিচাৰে নেকি ? স্থান তাৰিখ, সময় জানি লওক

By

Published : Apr 16, 2023, 8:06 PM IST

চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ ছলমান খানৰ অনুৰাগীৰ বাবে এক ডাঙৰ খবৰ (Salman Khan) ৷ ছলমানে অতি সোনকালে লগ কৰিব অনুৰাগীক । জানি লওক আপুনি কেনেকৈ আপোনাৰ প্ৰিয় ছুপাৰষ্টাৰক লগ কৰিব পাৰিব ।

SALMAN KHAN WILL PARTY WITH FANS THIS EID KNOW HOW YOU CAN MEET SALMAN
ছলমান খানৰ অনুৰাগীৰ বাবে এক ডাঙৰ খবৰ

চিটাৰা ডেস্ক, 16 এপ্ৰিল: বলীউডৰ দাবাংগ অভিনেতা তথা ছুপাৰষ্টাৰ ছলমান খান তেওঁৰ আগন্তুক ছবিখনক লৈ যিমান উৎসাহিত, অনুৰাগীও সিমানেই উৎসাহিত (Salman khan) । ইফালে, বলীউডৰ ছুপাৰষ্টাৰগৰাকীৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ । ছলমান খানে এই ঈদত ডুবাইত নিজৰ অনুৰাগীৰ বাবে সময় উলিয়াব আৰু তেওঁলোকৰ সৈতে সময় কটোৱা দেখা যাব (Salman Khan in Dubai) ।

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অনুৰাগীক এই তথ্য প্ৰদান কৰিছে অভিনেতাগৰাকীয়ে । অভিনেতাগৰাকীয়ে কয় যে, তেওঁ ২৪ এপ্ৰিলত ডুবাইৰ ফ্ল’ট ক্লাৱত অনুৰাগীৰ সৈতে পাৰ্টি কৰিব (Salman Khan in Dubai Eid)।

উল্লেখ্য যে, ছলমান খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘কিছি কা ভাই কিছি জান’ মুক্তিৰ বাবে সাজু হৈছে । ইফালে, ২১ এপ্ৰিলত ইউ এ ইৰ ছবিগৃহত মুক্তি পাবলগীয়া তেওঁৰ ঈদৰ মুক্তিপ্ৰাপ্ত ছবি ‘কিছি কা ভাই কিছি কা জান’ৰ প্ৰচাৰত সহায় কৰিব ।

ছলমান খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্টাৰ শ্বেয়াৰ কৰি কেপচনত লিখিছে ‘We meet in Dubai on 24th April’ । একে সময়তে পোষ্টাৰখনত লিখা আছে যে, ১৪ এপ্ৰিলত ছলমান খান লাইভ হ’ব । ইয়াৰ লগতে সাধাৰণ টিকট, টেবুল বুকিং আদিৰ যোগাযোগ নম্বৰো পোষ্টাৰত দিয়া হৈছে ।

ফাৰহাদ ছামজীৰ পৰিচালনাত নিৰ্মিত ‘কিছি কা ভাই কিছি জান’ ছবিখনত ছলমান খানৰ বিপৰীতে মুখ্য অভিনেত্ৰী হিচাপে দেখা পোৱা যাব দক্ষিণৰ সুন্দৰী পূজা হেগড়ে । উল্লেখ্য যে, আগন্তুক ছবিখনত শ্বেহনাজ গীল, ভেংকটেশ দগ্গুবাটি আৰু ভূমিকা চাওলাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ৷ বিশেষ কথাটো হ’ল ছলমান খানে এতিয়া ৰাজহুৱা আলোচনাৰ বাবে ডুবাইলৈ যোৱাটো বাছি লৈছে । ইফালে, কৰ্মক্ষেত্ৰত অভিনেতাগৰাকীয়ে বৰ্তমান কেটৰিণা কাইফৰ সৈতে চোৰাংচোৱা ফ্ৰেঞ্চাইজি ‘এক থা টাইগাৰ ৩’ৰ আগন্তুক ছবিখনৰ কাম কৰি আছে ।

লগতে পঢ়ক:Salman Khan : ছলমান খানৰ ছিক্স পেক এবছ দেখি এক্স গাৰ্লফ্ৰেণ্ডৰ কমেন্ট; ক’লে ছিক্স পেক ছে মাৰ হি ডালেংগে

ABOUT THE AUTHOR

...view details