অসম

assam

শিৱসাগৰত চিকিৎসা সেৱা প্ৰদান সন্দৰ্ভত প্ৰশিক্ষণ শিবিৰ

By

Published : Apr 23, 2020, 8:17 PM IST

কৰ‘ণা ভাইৰাছৰ আতংকৰ সময়ত চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ সন্দৰ্ভত বৃহস্পতিবাৰে শিৱসাগৰ স্বাস্থ্য প্ৰশাসনে প্ৰাইভেট চিকিৎসকক প্ৰদান কৰে এদিনীয়া প্ৰশিক্ষণ।

doctors-training-about-covid19
কভিড 19ৰ আতংকৰ মাজত চিকিৎসা সেৱা প্ৰদান সন্দৰ্ভত প্ৰশিক্ষণ শিৱিৰ

শিৱসাগৰ, 23 এপ্ৰিল: কোভিড-19ৰ আতংকৰ মাজত সমগ্ৰ বিশ্ব । স্থবিৰ হৈ পৰিছে সাধাৰণ জনজীৱন । ইতিমধ্যে চৰকাৰে একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসকক কৰ'ণাত আক্ৰান্ত হোৱাৰ আশংকাত চিকিৎসা সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছে । ইয়াৰ ফলত সাধাৰণ জনতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ব্যক্তিগত চিকিৎসা সেৱা বন্ধ হোৱাৰ ফলত সৰু-বৰ ৰোগৰ চিকিৎসা সেৱা লাভ কৰা নাই ৰাইজে । এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে ব্যক্তিগত চিকিৎসক সকলক চিকিৎসা সেৱা প্ৰদানৰ আহবান কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে শিৱসাগৰ স্বাস্থ্য বিভাগে শিৱসাগৰৰ চিকিৎসক সকলক এদিনীয়া প্ৰশিক্ষণ প্ৰদান কৰে ।

শিৱসাগৰত চিকিৎসা সেৱা প্ৰদান সন্দৰ্ভত প্ৰশিক্ষণ শিবিৰ

কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত নোহোৱাকৈ কেনেকৈ ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰা যায় সেই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় । শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণত প্ৰশিক্ষকৰূপে ডঃ উদয়াদিত্য ৰাজকোঁৱৰ আৰু ডঃ অৰুণ মহন্ত উপস্থিত থাকে । উল্লেখযোগ্য যে অসম চৰকাৰৰ এক পদক্ষেপ ৰূপে ইতিমধ্যে স্বাস্থ্য বিভাগে আশাকৰ্মী,এম পি ডব্লিউ,ৱাৰ্ডবয়,নাৰ্ছ,চৰকাৰী চিকিৎসকসকলক প্ৰতিৰোধমূলক আৰু সজাগতামূলক প্ৰশিক্ষণ ইতিমধ্যে প্ৰদান কৰিছে। জিলা স্বাস্থ্য বিভাগে সকলো ৰাইজক সজাগ হৈ থাকি যিকোনো স্বাস্থ্যজনিত অসুবিধা লাভ কৰিলে চিকিৎসকৰ সহায় ল'বলৈ আহ্বান জনাইছে ।


লগতে পঢ়ক :তিনিচুকীয়াত চাৰি ভুৱা আৰক্ষী আটক

ABOUT THE AUTHOR

...view details