অসম

assam

গ্ৰাম্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত নাবাৰ্ডৰ ভূমিকা অপৰিসীম : মুখ্যমন্ত্ৰী

By

Published : Jul 13, 2021, 9:14 PM IST

Updated : Jul 13, 2021, 9:52 PM IST

অসমৰ গ্ৰাম্য আন্তঃগাঁথনিৰ সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নাবাৰ্ড (NABARD)ৰ কৰ্তৃপক্ষৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভা খন উপস্থিত থাকে (NABARD)ৰ অধ্যক্ষ ড৹ জি আৰ চিন্তলা আৰু উপ-পৰিচালন সঞ্চালক পি ভি এছ সূৰ্যকুমাৰ ৷

Chief Minister Dr. Himanta Bswa Sarma  meeting with nabard At Guwahati
গ্ৰাম্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত নাবাৰ্ডৰ ভূমিকা অপৰিসীম:মুখ্যমন্ত্রী

গুৱাহাটী,13 জুলাই : ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ ওপৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তন্ন তন্নকৈ বিভাগ সমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ মঙলবাৰেও অসমৰ গ্ৰাম্য আন্তঃগাঁথনিৰ ওপৰত এখন সভাত ভাগ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি নাবাৰ্ড (NABARD)ৰ অধ্যক্ষ ড৹ জি আৰ চিন্তলা আৰু উপ-পৰিচালন সঞ্চালক পি ভি এছ সূৰ্যকুমাৰৰ সৈতে অসমৰ গ্ৰাম্য আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰে।

গ্ৰাম্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত নাবাৰ্ডৰ ভূমিকা অপৰিসীম:মুখ্যমন্ত্রী

এক ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি নাবাৰ্ড (NABARD)ৰ অধ্যক্ষ ড৹ জি আৰ চিন্তলা আৰু উপ-পৰিচালন সঞ্চালক পি ভি এছ সূৰ্যকুমাৰৰ সৈতে অসমৰ গ্ৰাম্য আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্রীগৰাকীয়ে । আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত নাবাৰ্ডে (NABARD) গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু নাবাৰ্ডৰ মাজত সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীয়ে ।

গ্ৰাম্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত নাবাৰ্ডৰ ভূমিকা অপৰিসীম:মুখ্যমন্ত্রী

আলোচনাকালত নাবাৰ্ডৰ বিষয়াসকলে অসমত বিকাশৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰৰ সৈতে ইয়াৰ অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ দৃঢ় ইচ্ছা প্ৰকাশ কৰে । তেওঁলোকে মুখ্যমন্ত্ৰীক গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (RIDF), নাবাৰ্ড আন্তঃগাঁথনি উন্নয়ন পুঁজি (NIDA) আৰু গ্ৰাম্য আন্তঃগাঁথনি সহায় আঁচনি (RIAS)ৰ বাবে পুঁজি যোগানৰ বিষয়েও অৱগত কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, নাবাৰ্ডৰ সৈতে ৰাজ্য চৰকাৰৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে, যিয়ে ৰাজ্যখনৰ আন্তঃগাঁথনি খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । চৰকাৰে আন্তঃগাঁথনি প্ৰকল্পসমূহ বৃহৎ পৰিসৰত গ্ৰহণ কৰাৰ ক্ষেত্ৰত নাবাৰ্ডৰ দীৰ্ঘম্যাদী সহযোগিতা কামনা কৰে মুখ্যমন্ত্রীগৰাকীয়ে ।

এই বৈঠকখনত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, নাবাৰ্ডৰ অসম মাণ্ডলিক কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধক বাইজু কুৰুপ আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলো এই ভিডিঅ’ কনফাৰেঞ্চিঙত উপস্থিত থাকে ।

লগতে পঢ়ক-খাকীত হাত দিয়াৰ মৰসাহ উদণ্ড যুৱকৰ

Last Updated : Jul 13, 2021, 9:52 PM IST

ABOUT THE AUTHOR

...view details