গুৱাহাটী, ২৮ ডিচেম্বৰ :স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও বাস্তৱত সেয়া ফলপ্ৰসু হোৱা নাই । এতিয়াও দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ ৰাজহুৱা খণ্ডৰ চিকিৎসা সেৱা বহু পিছপৰি আছে । সেই কথা প্ৰকাশ পাইছে 'কেগ'ৰ প্ৰতিবেদন(CAG report on Assam Medical Sector)ত । জিলা চিকিৎসালয়সমূহৰ কার্য সম্পাদন আৰু হিচাপ পৰীক্ষাৰ ওপৰত ২০১৯ চনৰ ৩১ মার্চত সমাপ্ত হোৱা বৰ্ষৰ বাবে দাখিল কৰা প্ৰতিবেদনত অসমৰ ৰাজহুৱা স্বাস্থ্যখণ্ড যে এতিয়াও দুখলগা অৱস্থাত আছে সেয়া স্পষ্ট হৈছে ।
তথ্য অনুসৰি চৰকাৰী চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসক, নাৰ্ছ আনকি চিকিৎসকৰ সহায়কৰ অভাৱ আছে । কেগৰ তথ্য মতে ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডার্ডছ (Indian Public Health Standards for PHC)ৰ মান অনুসৰি অসমৰ জিলাৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় চিকিৎসক নাই । জিলা জনসংখ্যাৰ ওপৰত ভিত্তি কৰি যদি আই পি এইচ এছৰ নিৰ্ধাৰিত মান মনা যায়, তেন্তে অসমৰ প্ৰতিখন জিলা হাস্পতালত ৪৫ শতাংশ চিকিৎসকৰ অভাৱ । একেদৰে নাৰ্ছৰ ৫০ শতাংশ অভাৱ আছে ৰাজ্যৰ জিলা চিকিৎসালয়সমূহত ।
কেৱল ইমানেই নহয় জিলা হাস্পতালসমূহত চিকিৎসকৰ সহায়কৰ অভাৱো অতি উদ্বেগজনক । সেই অনুসৰি অসমৰ জিলা জনসংখ্যাৰ ওপৰত ভিত্তি কৰি যদি আই পি এইচ এছৰ নিৰ্ধাৰিত মান চোৱা যায় তেন্তে অসমৰ জিলা হাস্পতালত ৭৪ শতাংশ চিকিৎসক সহায়কৰ অভাৱ বুলি কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে । একেদৰে জিলা চিকিৎসালয়সমূহত থকা বিচনাৰ পর্যাপ্ততাৰ ভিত্তিত যদি চিকিৎসক, নাৰ্ছ আৰু চিকিৎসকৰ সহায়কৰ হাৰ চোৱা যায় তেন্তে সেয়াও আই পি এইচ এছৰ নিৰ্ধাৰিত মানতকৈ যথেষ্ট তলত আছে ।
তদুপৰি একোখন জিলা হাস্পতালত থকা বিছনাৰ পর্যাপ্ততাৰ ভিত্তিত যদি চোৱা যায় তেন্তে সামগ্ৰিকভাৱে ১৫ শতাংশ চিকিৎসক, ৬ শতাংশ নাৰ্ছ আৰু ৫৫ শতাংশ চিকিৎসকৰ সহায়কৰ অভাৱ আছে । এনেবোৰ কাৰকৰ বাবেই হয়তো ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগা হয় । কেগৰ প্ৰতিবেদনত অনুসৰি ৰাজহুৱা স্বাস্থ্যখণ্ডত চৰকাৰে এতিয়াও কৰিবলগীয়া বহুখিনি বাকী আছে । উল্লেখ যে, ২০১৯-২০ তথা ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত বহুতো নৱতম সংযোগ হৈছে ৷ বিশেষকৈ কৰ'ণাকেন্দ্ৰিক পৰিবেশে ৰাজ্যৰ স্বাস্থ্যখণ্ডক এঢাপ আগুৱাই লৈ গৈছে ।
কৰ'ণাই অনা প্ৰত্যাহ্বানৰ পৰা শিক্ষালৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চিকিৎসা খণ্ডত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিছে আৰু পূৰ্বতকৈ চৰকাৰী চিকিৎসা ব্যৱস্থা বর্তমানে যথেষ্ট উন্নত হৈছে । কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, স্বাস্থ্যখণ্ডত অভাৱ হোৱা চিকিৎসক, নাৰ্ছ আৰু চিকিৎসক সহায়কৰ পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিব লাগে । ইফালে চিকিৎসালয়ত প্ৰয়োজন হোৱা সঁজুলিও যে অসমৰ জিলা হাস্পতালসমূহত নাই সেই কথাও কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।