অসম

assam

বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ

By

Published : Mar 23, 2021, 5:37 PM IST

ছেমছাঙে মুকলি কৰিলে উচ্চ ক্ষমতা সম্পন্ন S8, S7 আৰু S6 ছিৰিজৰ ১২ টা পৃথক মনিটৰ । কোম্পানীটোৰ মতে সকলো ব্যৱহাৰকাৰীয়ে টিইউভি ৰিনলেণ্ড এজিৰ পৰা ইণ্টেলিজেণ্ট আই কেয়াৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ
বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ

নেশ্যনেল ডেস্ক,২৩ মাৰ্চ:ৰিম'ট ৱৰ্কিং আৰু ডিচটেঞ্চ শিক্ষাৰ বৰ্ধিত বিক্ৰীৰ মাজতে ছেমছাঙে মুকলি কৰিলে হাই ৰিজ'লিউশ্বনৰ মনিটৰ । দক্ষিণ কোৰিয়াৰ কোম্পানী ছেমছাঙে জনোৱা মতে তিনিটা শৃংখলাত ১২ টা পৃথক মনিটৰ ক্ৰমে S8, S7 আৰু S6 বিশ্বব্যাপী মুকলি কৰা হয় । সকলো মডেলতে ১ বিলিয়নতকৈ অধিক ৰং, ১৭৮ ডিগ্ৰী বহল দৰ্শনৰ ক্ষমতা সম্পন্ন আৰু উন্নত হাই ডাইনামিক ৰেঞ্জ ১০ প্ৰযুক্তি প্ৰদান কৰা হৈছে । জানিবপৰা মতে দক্ষিণ কোৰিয়াত ৪,৫০,০০০ আৰু ৬,৭০,০০০ মূল্যৰ টেগৰ সৈতে ১০ টা মডেল উপলব্ধ হৈছে ।

  • ছেমছাঙৰ মতে, S8 মডেলত ২৭ ৰ পৰা ৩২ ইঞ্চি বিকল্পত আহে । ই ব্যৱহাৰকাৰীসকলৰ বাবে ৯৯ শতাংশ এছআৰজিবি ৰঙৰ সৈতে আলট্ৰা হাই ডেফিনিশ্বন (ইউএইচডি) ৰিজলিউশ্বনৰ সুবিধা প্ৰদান কৰা হৈছে । ই ইয়াৰ ইউএছবি-চি পোৰ্টৰ জৰিয়তে প্ৰতি ছেকেণ্ডত ডাটা ট্ৰেঞ্চমিচনৰ বাবে ১০ গিগাবাইটৰ সুবিধা প্ৰদান কৰে ।
    বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ
  • S7 মডেলত ইউএইচডি ৰিজ'লিউশ্বনৰ সুবিধৈ প্ৰদান কৰা হৈছে আৰু ২৭ ৰ পৰা ৩২ ইঞ্চি আকাৰত উপলব্ধ । ই অতি স্লীম ষ্টেণ্ড আৰু সীমাহীন ডিজাইনৰ সৈতে উপলব্ধ ।
  • S6 মডেলত ক্ৰমে ৩৪,৩২,২৭ আৰু ২৪ ইঞ্চি চাৰিটা আকাৰত উপলব্ধ মনিটৰসমূহ । ই কেৱল কুৱাড হাই ডেফিনিশ্বন (QHD) সমৰ্থন কৰাই নহয় ইয়াত পিকচাৰ বাই পিকচাৰ (পিবিপি) আৰু পিকচাৰ ইন পিকচাৰ (পিআইপি) বৈশিষ্টও আছে ।
  • কোম্পানীৰ মতে বিশেষকৈ, S65UA ৩৪ ইঞ্চি মডেলত উন্নত দৰ্শনৰ অভিজ্ঞতাৰ বাবে ১০০০R কাৰ্ভেচাৰ, আলট্ৰা ৱাইড QHD আৰু ২১:৯ এচপেক্ট অনুপাতৰ সুবিধা প্ৰদান কৰা হৈছে ।
    বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ

ছেমছাঙৰ মতে সকলো মনিটৰে জাৰ্মান কাৰিকৰী পৰীক্ষা সেৱা আৰু প্ৰমাণপত্ৰ সংগঠন টিইউভি ৰিনলেণ্ড এজিৰ পৰা ইণ্টেলিজেণ্ট আই কেয়াৰ প্ৰমাণপত্ৰ লাভ কৰিছে । ইয়াক ব্যৱহাৰকাৰী সকলৰ সুবিধাৰ্থে নীলা পোহৰৰ নিৰ্গমন হ্ৰাস কৰিবলৈ এক বিশেষ চকু-সংৰক্ষণকাৰী ব্যৱস্থাও ৰখা হৈছে ।

বজাৰ অনুসৰণকাৰী সংস্থা ইণ্টাৰনেচনেল ডাটা ক'ৰ্প (IDC)ৰ মতে, ছেমছাং যোৱা বছৰ বিশ্বৰ পঞ্চম সৰ্ববৃহৎ পিচি মনিটৰ বিক্ৰেতা আছিল আৰু তেওঁলোকৰ বজাৰৰ অংশ আছিল ৮.৬ শতাংশ । কোম্পানীটোৱে ২০২০ চনত ১১.৭ নিযুত ইউনিট মনিটৰ প্ৰেৰণ কৰিছে আৰু এবছৰৰ ভিতৰত ৩০.৬ শতাংশ বৃদ্ধি হৈছে তেওঁলোকৰ ব্যৱসায় ।

বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ

লগতে পঢ়ক:গেলেক্সী M12 ৰ বিশেষত্ব সমূহ

ABOUT THE AUTHOR

...view details