অসম

assam

Ganja seized in Tripura: ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক মহিলা

By

Published : Oct 17, 2022, 10:24 PM IST

ত্ৰিপুৰা আৰক্ষীৰ বৃহৎ সাফল্য (Ganja seized in Tripura) ৷ সোমবাৰে সোণমুৰা আৰক্ষী থানাৰ অন্তৰ্গত বেজিমাৰা অঞ্চলৰ নুৰুল ইছলামৰ ঘৰত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই ৪৮১ কেজি শুকান গাঞ্জা উদ্ধাৰ কৰে। এই অভিযানকালত আমেনা বেগম নামৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

tripura-police-today-arrested-woman-with-ganja
ত্ৰিপুৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰে এগৰাকী মহিলাক

আগৰতলা, 17 অক্টোবৰ: দেশত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Anti Drugs mission in Assam) ৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ৷ পিছে আৰক্ষীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (Assam police against drugs) ৷ দেশৰ চুকে-কোণে প্ৰতিদিনে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে আটক কৰিছে বহু সৰবৰাহকাৰীকো ৷ তথাপিও বন্ধ হোৱা এই নিষিদ্ধ ব্যৱসায় ৷

শেহতীয়াকৈ ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিছে কোটি টকাৰ গাঞ্জা (Tripura Police today arrested woman with Ganja) ৷ আজি সোণমুৰাত কোটি টকাৰ গাঞ্জাসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । সোমবাৰে সোনামুৰা থানাৰ অন্তৰ্গত ছেপাহিজালা জিলাৰ অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ চৌধুৰীৰ নেতৃত্বত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলে এক অভিযান । অভিযানকালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এগৰাকী মহিলা সৰবৰাহকাৰীক।

ঘটনাৰ সবিশেষ তথ্য অনুসৰি, সোমবাৰে সোণমুৰা আৰক্ষী থানাৰ অন্তৰ্গত বেজিমাৰা অঞ্চলৰ নুৰুল ইছলামৰ ঘৰত অভিযান চলাই ৪৮১ কেজি শুকান গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়ে । এই অভিযানকালত আমেনা বেগম নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে ।

ইতিমধ্যে আৰক্ষীয়ে এন ডি পি এছ ধাৰাত ৰুজু কৰিছে গোচৰ । মঙলবাৰে আটকাধীন ধৃত মহিলাগৰাকীক আদালতত হাজিৰ কৰা হ’ব জানিবলৈ দিয়ে আৰক্ষীয়ে । সোণমুৰা মহকুমাৰ অন্তৰ্গত ৰঙামাটিৰ ভোলামুৰা অঞ্চলত আৰক্ষীয়ে অভিযান চলাই ৫০০০ জোপা গাঞ্জা গছ নষ্ট কৰে । উল্লেখ্য যে, বি এছ এফৰ ১৩৩ নং বেটেলিয়নৰ জোৱানসকলৰ সহযোগত সফলতাৰে সম্পন্ন হয় এই বৃহৎ অভিযান ।

উল্লেখ্য যে ত্ৰিপুৰা আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্য়াহত ৰাখিছে ৷ শেহতীয়াকৈ বিএছএফ (BSF) আৰু অসম আৰক্ষীৰ (Assam Police) যুটীয়া অভিযানত অসম-ত্ৰিপুৰা সীমান্তত জব্দ কৰে ৪৭ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ (Assam Police and BSF seized brown sugar) ।

লগতে পঢ়ক:Drugs seized: ডিলাইত দুই কোটি টকাৰ হেৰʼইনসহ আটক সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details