অসম

assam

11 মাৰ্চলৈ স্থগিত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা

By

Published : Mar 6, 2020, 12:15 PM IST

ৰাজ্যসভা অধিনিয়ম 267ৰ অধীনত দিল্লীৰ সংঘাতত ভুক্তভোগী পৰিয়ালসকলক কিছু পৰিমাণে সকাহ প্ৰদান কৰিবলৈ এক 'স্বতন্ত্ৰ তদন্ত আয়োগ' গঠনৰ দাবীৰে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা স্থগিতকৰণৰ জাননী জাৰি কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদ আৰু আনন্দ শৰ্মাই ৷

Rajya Sabha adjourned till March 11 following Opposition uproar
Rajya Sabha adjourned till March 11 following Opposition uproar

নেশ্যনেল ডেস্ক, 6 মাৰ্চঃকংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদ আৰু আনন্দ শৰ্মাই শুকুৰবাৰে ৰাজ্যসভা অধিনিয়ম 267ৰ অধীনত দিল্লীৰ সংঘাতত ভুক্তভোগী পৰিয়ালসকলক কিছু পৰিমাণে সকাহ প্ৰদান কৰিবলৈ এক'স্বতন্ত্ৰ তদন্ত আয়োগ' গঠনৰ দাবীৰে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা স্থগিতকৰণৰ জাননী জাৰি কৰে ৷ সমাজবাদী দলৰ সাংসদ ৰাম গোপাল যাদৱ আৰু জাবেদ আলী খানেও 23 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা হিংসাত্মক ঘটনাৰ বাবে উচ্চ সদনত অনুৰূপ জাননী প্ৰদান কৰে ৷

দিল্লী আৰক্ষীয়ে বৰ্তমানলৈ সশস্ত্ৰ আইনৰ অধীনত 254 টা গোচৰৰুজু কৰিছে ৷903 গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে নিজৰ জিম্মাত ৰাখে ৷ এই ঘটনাৰ তদন্তৰ বাবে দিল্লী আৰক্ষীৰঅপৰাধ শাখাৰ অধীনত দুটা বিশষে অনুসন্ধানকাৰী দল গঠন কৰা হৈছে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক 10 লক্ষাধিক টকাৰ ক্ষতিপুৰণৰ ঘোষণা প্ৰদান কৰে ৷ এই ঘটনাত চিৰদিনলৈ অক্ষম হোৱা ব্যক্তিলৈ 5 লাখ টকা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সকলৰ বাবে 2 লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত লোকৰ বাবে 20 হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃগৌৰৱ গগৈৰ সৈতে 7 জন সাংসদক লোকসভাৰ পৰা নিলম্বন

ABOUT THE AUTHOR

...view details