সুৱনখাটাত ভাৰত-ভূটান বন্ধুত্ব মেলা আৰম্ভ
শান্তিৰ পাৰ চৰাই নীল আকাশত উৰুৱাই বাক্সাৰ সুৱনখাটাত আৰম্ভ হৈছে ৭৪ সংখ্যক সুৱনখাটা মাঘ মেলা আৰু ১৪ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা ।
Published : January 16, 2026 at 7:28 PM IST
বাক্সা :শুকুৰবাৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু সুৱনখাটা মাঘ মেলা । শুকুৰবাৰে পুৱা মেলাৰ মুখ্যদ্বাৰ মুকলি কৰে বাগানপাৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰেখাৰাণী দাস বড়োৱে । ইয়াৰ পিছত মাঘ মেলাৰ পতাকা উত্তোলন কৰে মেলা সমিতিৰ সভাপতি এপ'লো ৰামছিয়াৰীয়ে ।
আনহাতে, ভাৰত আৰু ভূটান দুয়োখন দেশৰ পতাকা উত্তোলন কৰে ক্ৰমে বাক্সা জিলাৰ আয়ুক্ত গৌতম দাস আৰু ভূটানৰ ছানদ্ৰুপ জংখাৰৰ মেয়ৰ দছি থ্ৰমপনে । ইয়াৰ পিছতে শান্তিৰ পাৰ চৰাই উৰুৱাই দিয়া হয় । লগতে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ দ্বাৰা নৃত্য-গীত পৰিবেশন কৰা হয় ।
উল্লেখ্য যে ইতিমধ্যে দুয়োখন দেশৰ বিপণিৰে মেলাস্থলী ভৰি পৰিছে । ৯ দিনীয়া কাৰ্যসূচীত ৰাইজৰ সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে । আনহাতে, নিৰাপত্তাৰ দিশত অধিক গুৰুত্ব দিয়া হ'ব বুলি মন্তব্য বাক্সা জিলা প্ৰশাসনৰ । ইফালে ভূটানীসকলেও এই বন্ধুত্ব দীৰ্ঘজীৱী হোৱাৰ কামনা কৰিছে ।
এই মেলা সন্দৰ্ভত বাগানপাৰা পৰিষদীয় সমষ্টিৰ এম চি এল এ ৰেখাৰণী দাস বড়োৱে কয়, "বাক্সা জিলাৰ সুৱনখাটা বন্ধুত্ব মেলা শান্তি-সম্প্ৰীতিৰ মেলা ৷ এই মেলা সকলো জাতি-জনজাতিৰ মিলন ভূমি হওক ৷ এই মেলা দুখন সীমান্ত দেশৰ মেলা নহয়, এই মেলা হৈছে আত্মাৰ মেলা, হৃদয়ৰ মেলা, দুখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্বৰ মেলা ৷ ভাৰত-ভূটানৰ বন্ধুত্ব মেলাই ৰাইজৰ মাজত বহু দিনলৈ সোঁৱৰাই থাকিব ৷ এই মেলাৰ পৰাই শান্তিৰ বাণী কঢ়িয়াওক ৷"