অসম

assam

ETV Bharat / bharat

ভিক্ষা কৰি ৮.৪০ লাখ টকা জমা ! মৃত্যুৰ পিছত পোহৰলৈ আহিল নুৰৰ গোপন সঞ্চয়

কৰ্ণাটকত মৃত্যু হোৱা এগৰাকী ভিক্ষাৰীৰ ভাড়াঘৰত ওলাল ৮ লাখ ৪০ হাজাৰ টকা । বস্তাত বান্ধি থোৱা আছিল খুচুৰা আৰু নোটৰ বান্দিল ।

Beggar woman dies: Rs 8.40 lakh savings found in the house
ভিক্ষা কৰি ৮.৪০ লাখ টকা জমা ! মৃত্যুৰ পিছত পোহৰলৈ আহিল নুৰৰ গোপন সঞ্চয় (ETV Bharat)

By ETV Bharat Assamese Team

Published : August 24, 2026 at 8:13 PM IST

মান্দিয়া (কৰ্ণাটক) :কৰ্ণাটকৰ মান্দিয়া চহৰৰ গুথালু অঞ্চলৰ বাসিন্দা তথা ভিক্ষাবৃত্তিৰে জীৱন নিৰ্বাহ কৰা এগৰাকী বৃদ্ধা । যোৱা ১৯ আগষ্টত বাৰ্ধক্যজনিত কাৰণত বৃদ্ধাগৰাকীৰ মৃত্যু হয় । কিন্তু বৃদ্ধাগৰাকীৰ মৃত্যুৰ পিছতে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ।

বৃদ্ধাগৰাকী থকা ভাড়াঘৰৰ পৰা বস্তাই বস্তাই টকা উদ্ধাৰ হৈছে । বছৰ বছৰ ধৰি ভিক্ষা কৰি জমা কৰিছিল এই ধন । তেওঁৰ এই গোপন সঞ্চয়ৰ কথা কোনেও নাজানিছিল । কিন্তু মৃত্যুৰ পিছত ঘৰত প্ৰৱেশ কৰি আত্মীয় তথা স্থানীয় লোক আচৰিত হৈ পৰে ।

ভিক্ষা কৰি ৮.৪০ লাখ টকা জমা ! মৃত্যুৰ পিছত পোহৰলৈ আহিল নুৰৰ গোপন সঞ্চয় (ETV Bharat)

খুচুৰা আৰু নোট ইমানে আছিল যে সেইবোৰ গণনা কৰিবলৈ দুদিন সময় লাগিছিল । ওচৰৰে মছজিদ এটাত স্থানীয় লোকসকলে টকাবোৰ গণনা কৰে । অৱশেষত পোৱা গ'ল ৮ লাখ ৪০ হাজাৰ টকা ।

জানিব পৰা মতে বহু বছৰ ধৰি নুৰ উনিছা নামৰ বৃদ্ধাগৰাকী বহু বছৰ ধৰি ভিক্ষা কৰি আছিল । ভাড়াঘৰটোত ভগ্নীৰ সৈতে বাস কৰিছিল । দুয়োগৰাকী ভগ্নী অবিবাহিত আছিল । প্ৰায় দুবছৰ পূৰ্বে নুৰ উনিছাৰ ভগ্নীৰ মৃত্যু হৈছিল । তেতিয়াৰে পৰা তেওঁ অকলে ভাড়াঘৰটোত আছিল । কিন্তু ১৯ আগষ্টত তেওঁৰ মৃত্যু পিছত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আত্মীয়সকল ভাড়াঘৰটোলৈ গৈ বস্তাত ভৰাই থোৱা অৱস্থাত ধনখিনি উদ্ধাৰ কৰে ।

মছজিদ কৰ্তৃপক্ষই ধনখিনি গণনা কৰাৰ পিছত আত্মীয়ক হস্তান্তৰ কৰে । সেই সময়ত আৰক্ষী আৰু স্থানীয় নেতাসকলো ধনৰ গণনাত উপস্থিত আছিল ।

এই ঘটনা সন্দৰ্ভত মছজিদৰ নেতা মুখতাৰ আহমেদে কয়, "যোৱা বুধবাৰে নুৰ নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । মৃত মহিলাগৰাকী মানসিকভাৱে অসুস্থ আছিল । তেওঁ কথা ক'ব পৰা নাছিল, শুনাও নাপাইছিল । আত্মীয়ই তেওঁক চোৱাচিতা কৰিছিল । কিন্তু মহিলাগৰাকীয়ে কাৰো কথা নুশুনিছিল । ভিক্ষা খুজিবলৈ বাধা দিয়াৰ পিছতো তেওঁ কাৰো কথা শুনা নাছিল । সপ্তাহত এবাৰ বা মাহত এবাৰ আত্মীয়ই আহি কাপোৰ-কানি দিছিল, কাপোৰ ধুই নখ কাটি গা ধুৱাই দিছিল ।"

তেওঁ লগতে কয়, "মহিলাগৰাকীয়ে ভিক্ষা খুজিবলৈ বন্ধ কৰা নাছিল । ভিক্ষা খুজি পোৱা টকা কিছু জমা কৰিছিল । কোনেও গম পোৱা নাছিল । তেওঁৰ মৃত্যুৰ সময়ত আত্মীয়ই মছজিদলৈ আহি আমাক এই কথা ক'লে আৰু টকাখিনি আমাক দিলে । আমি তেওঁলোকৰ উপস্থিতিত গণনা কৰিলোঁ । ৮ লাখ ৪০ হাজাৰ টকা পোৱা গ'ল । সেই টকা আমি উত্তৰাধিকাৰীসকলৰ হাতত গতাই দিছো । যিহেতু ই স্বাভাৱিক মৃত্যু আছিল, গতিকে থানাত অভিযোগ দাখিল কৰাৰ প্ৰয়োজন নাই ।"

ইফালে মহম্মদ ফিৰোজ খান নামৰ এগৰাকী আত্মীয়ই কয়, "আমি মছজিদত দিয়াৰ সময়ত ইয়াত কিমান টকা আছিল নাজানিছিলো । বুধবাৰে আমি তেওঁলোকক দিছিলো । জুম্মাৰ নামাজৰ পিছত আমাৰ সন্মুখতে গণনা কৰা হৈছিল । মুঠ ৮ লাখ ৪০ হাজাৰ টকা পাইছিল । আমাক টকাখিনি ঘূৰাই দিয়া হৈছে । এই বিষয়ে আমি তেওঁৰ মৃত্যুৰ পিছতহে গম পাইছিলো । কাৰণ তেওঁ মানসিকভাৱে সুস্থ নাছিল । গতিকে আমি তেওঁৰ ঘৰলৈ গ'লে তেওঁ আমাক গালি-গালাজ কৰি খেদিছিল ।"

তেওঁ লগতে কয়, "এই টকাখিনি কি কৰো সেয়া ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লম । কোনোবা দুখীয়া বা ধনৰ প্ৰয়োজন থকা লোকৰ মাজত টকাখিনি বিতৰণ কৰিম ।" এগৰাকী সাধাৰণ ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা মানসিকভাৱে অসুস্থ বৃদ্ধাই ইমান পৰিমাণৰ ধন কেনেদৰে সঞ্চয় কৰিছিল ? তেওঁৰ মৃত্যুৰ পিছত এতিয়া সৰ্বত্ৰে ইয়াক লৈ চৰ্চা চলিছে । লগতে কৌতুহলৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক :

১১ ছেপ্টেম্বৰত দেশজুৰি ধৰ্মঘট: একেৰাহে ৪ দিন বন্ধ থাকিব বেংক !