অসম

assam

ETV Bharat / videos

৮ ঘন্টাৰ ভিতৰত ২০ শতাংশ বোনাচ দিবই লাগিব : চাহ শ্ৰমিকৰ হুংকাৰ - Mariani Tea Workers Protest

🎬 Watch Now: Feature Video

মৰিয়নীত চাহ শ্ৰমিকৰ হুংকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 5, 2024 at 6:45 PM IST

যোৰহাট, ৫ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত কেইদিনমান আছে যদিও এতিয়াও ৰাজ্যৰ বহু চাহ বাগিচাৰ শ্ৰমিকে লাভ কৰা নাই ২০ শতাংশ বোনাচ । ফলত বোনাচক লৈ এতিয়া ক্ষোভত ফাটি পৰিছে চাহ শ্ৰমিক । আজি পূজা বোনাচক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যোৰহাট জিলাৰ মৰিয়নীৰ চৈকটা চাহ বাগিচাত ।  

 শ শ চাহ শ্ৰমিকে বাগিচাৰ মুখ্য কাৰ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাগিচা কৰ্তৃপক্ষক ঘেৰাও কৰে । অসম চাহ নিগম আৰু জালিংগা টি কোম্পানীৰ অধীনত থকা বাগিচাৰ শ্ৰমিকে বোনাচক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । পৰিস্থিতি ইমানেই জটিল হৈ পৰে যে প্ৰতিবাদস্থলীত আৰক্ষী আৰু সহকাৰী শ্ৰম আয়ুক্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে যদিও সফল নহ'ল ।

আনহাতে, বোনাচপ্ৰাপ্তিৰ পৰা বঞ্চিত শ্ৰমিকে কয়," আমাৰ চৰকাৰী বাগানত ভয়াৱহ বিপৰ্যয় চলি আছে । এয়া আমি চৰকাৰক অৱগত কৰিছো । কাৰণ শুক্ৰবাৰ পৰ্যন্ত বাগিচা কৰ্তৃপক্ষই আলোচনা কৰি শ্ৰমিকসকলক কৈছিল যে জালিংগা টি কোম্পানী আৰু অসম চৰকাৰে প্ৰত্যেককে ১০ শতাংশকৈ মুঠ ২০ শতাংশ বোনাচ দিব। কিন্তু বাগিচা কৰ্তৃপক্ষই ৪৫ দিনৰ পিচতহে বোনাচ দিব পাৰিব বুলি কৈছে । আমি কি অন্যায় আৰু ভুল কৰিছো । আমাক চৰকাৰে বোনাচ নিদিয়ে । আমি চৰকাৰক ধাৰ বিচৰা নাই, আমি কৰ্মৰ পইচাহে বিচাৰিছো । আমি একো কথা বুজি নাপাওঁ, আমাক ৮ ঘন্টাৰ ভিতৰত ২০ শতাংশ বোনাচ দিবই লাগিব ।"

লগতে পঢ়ক:প্ৰাপ্যৰ দাবীত প্ৰতিবাদত বহিল ছেমছাঙৰ কৰ্মচাৰী; বোনাচ কৰ্তনৰ ভাবুকি ছেমছাং কৰ্তৃপক্ষৰ - Samsung Workers on Strike

পৰ্যাপ্ত বোনাছৰ দাবীৰে আমগুৰি চাহ বাগিচা ঘেৰাও চাহ শ্ৰমিকৰ - Tea Workers Protest