অসম

assam

ETV Bharat / state

মহিলাৰ একাউন্টে একাউন্টে কোনে জমা দিলে ধন ? - Gramin Vikash Bank

Nalbari Gramin Vikash Bank : গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টত জমা হোৱা ধনকলৈ লাগিছে হেতাওপৰা । কোনে তেওঁলোকৰ একাউন্টত টকা দিছে সেয়া নাজানিলেও সকলোৱে দীঘলীয়া শাৰী পাতিছে । কোনে কিমান ধন লাভ কৰিলে সেয়া জানিবলৈ পঢ়ক..।

Nalbari Gramin Vikash Bank
ধমধমা মহিনা গাঁৱৰ চিএছপি কেন্দ্ৰত ভিৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 22, 2024 at 8:22 PM IST

Updated : September 22, 2024 at 8:33 PM IST

নলবাৰী, ২২ ছেপ্টেম্বৰ:নলবাৰীত টকাৰ উজান উঠিছে । মহিলাসকলে পুৱাৰে পৰাই প্ৰচণ্ড গৰমকো নেওচি ভিৰ কৰিছে এটা চি এছ পি কেন্দ্ৰত । প্ৰখৰ ৰ'দত থিয় হৈ বোন্দাপৰ দিছে নিজৰ বেংক একাউন্টটো পৰীক্ষাৰ কৰিবলৈ-কিজানি ধন সোমাইছে ! কোনে তেওঁলোকৰ একাউন্টত টকা দিছে পিছে সেই কথাটোহে কোনোৱেই নাজানে । কেৱল বেংক একাউন্টহে পৰীক্ষা কৰাত ব্য়স্ত । গ্ৰাহকে নাজানে কোনো কথা নাই, কিন্তু বেংক কৰ্তৃপক্ষয়ো জ্ঞাত নহয় এই ধন কোনে জমা কৰিছে ।

পুৱাৰে পৰাই প্ৰায়ভাগ মহিলাই ঢাপলি মেলিছে জমা ধন উলিয়াবলৈ । নিজৰ একাউন্টত হেনো ধন সোমাইছে ! নিজৰ নিজৰ ভাগ্য় পৰীক্ষা কৰিবলৈ আহি বহুতৰ মুখত বিৰিঙিছে হাঁহি । আন একাংশৰ আকৌ মন বেয়া । কাৰণ গৰমত থিয় হৈ থকাৰ পিচতো একাউন্ট পৰীক্ষা কৰাত ধন সোমোৱা নাই ।

ধমধমা মহিনা গাঁৱৰ চিএছপি কেন্দ্ৰত ভিৰ (ETV Bharat Assam)
  • কোনে জমা দিলে ধন ?

এই ঘটনাটো নলবাৰীৰ গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টত সংঘটিত হৈছে । নলবাৰীৰ ধমধমাৰ মহিনাত হঠাৎ একাউণ্টে একাউণ্টে সোমাইছে হাজাৰ হাজাৰ টকা । একাউণ্টৰ গৰাকীয়েও নাজানে ক'ৰ পৰা সোমাইছে এই ধন । কাৰোবাৰ একাউণ্টত যদি সোমাইছে ২৮ হাজাৰ, আন কাৰোবাৰ একাউণ্টত সোমাইছে ৩২/৪০কৈ হাজাৰ টকাকৈ ।

  • চিএছ পি কেন্দ্ৰত ভিৰ

উল্লেখ্য যে কালিৰে পৰা নলবাৰী জিলাৰ ধমধমা মহিনা গাঁৱৰ মহিলাসকলৰ একাউণ্টে একাউণ্টে সোমাইছে অজ্ঞাত ধন । সেয়েহে এতিয়া নিজৰ নিজৰ একাউণ্ট পৰীক্ষা কৰিবলৈ অসম গ্ৰামীণ বিকাশ বেংকৰ মহিনাস্থিত চিএছপি কেন্দ্ৰত ভিৰ লাগিছে ।

  • বেংক কৰ্তৃপক্ষৰ হাতত নাই তথ্য়

শাখাটোৰ পৰিচালকে এই সন্দৰ্ভত উল্লেখ কৰি কয়,"পৰহিৰ পৰা গ্ৰাহক সকলৰ একাউন্টত সোমাইছিল এই অজ্ঞাত ধন ।" ইয়াৰ পিচতেই পৰিচালক গৰাকীয়ে মূল শাখাক সমগ্ৰ ঘটনাটো অৱগত কৰে । তাৰ পিচতো বেংক কৰ্তৃপক্ষৰ হাতত নাই এই ধন কোনে একাউন্টত জমা দিছে ।

কেনেকৈ ধমধমাৰ মহিনাৰ এই শাখাটোত থকা অধিকাংশ গ্ৰাহকৰ একাউন্টত ধন সোমাল সেয়া এতিয়ালৈ নিশ্চিত কৰিব নোৱাৰি অৱশেষত গ্ৰাহকৰ প্ৰাপ্য টকা বুলি সকলোকে ধন উলিয়াবলৈ দিয়ে । তাৰ পিচতে এতিয়া শাখাটোত দেখা গৈছে মহিলা সকলৰ দীঘলীয়া শাৰী ।

লগতে পঢ়ক:এগৰাকী মহিলাই কিদৰে প্ৰাণ বচালে ১৮ গৰাকী মহিলাৰ ? - Heroic Rescue

তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ...জন্মবাৰ্ষিকীত স্ৰষ্টাক সশ্ৰদ্ধ স্মৰণ - Jayanta Hazarika Birth Anniversary

Last Updated : September 22, 2024 at 8:33 PM IST