অসম

assam

ETV Bharat / state

ক্লে জুৱেলাৰীৰ জৰিয়তে দেশেই নহয় বিদেশতো জিলিকি উঠিছে দুই অসমীয়া ভগ্নী

সন্তানৰ প্ৰজেক্টৰ কাম কৰোতে ঘৰতে কাণফুলি এযোৰ বনোৱাৰ পিছতেই ঘূৰিল ভাগ্য়চক্ৰ ।

self-reliant story
দুই ভগ্নী ক্লে জুৱেলাৰীৰে স্বাৱলম্বী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : February 28, 2025 at 9:05 PM IST

Updated : March 1, 2025 at 3:02 PM IST

গুৱাহাটী: স্বাৱলম্বী হ'বলৈ অৰ্থৰ সমানেই প্ৰয়োজন আত্মবিশ্বাসৰো । কোনোধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনেই একাগ্রতা, অধ্যৱসায় আৰু নিৰৱচ্ছিন্ন সাধনাৰে সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰি ।

এনেদৰে খোজ পেলাই লাভ কৰিব পাৰি সফলতা । কৰ্মক্ষেত্ৰত নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহগৰাকীৰ বাবেও ভৰণ-পোষণৰ বাট মোকলোৱা সম্ভৱ । গুৱাহাটী মহানগৰীৰ দুই ভগ্নীয়ে এই পথেৰেই পেলাইছে খোজ ।

আমেৰিকা যুক্তৰাষ্ট্ৰ-ডেনমাৰ্কলৈ ক্লে জুৱেলাৰী প্ৰেৰণ দুই ভগ্নীৰ (ETV Bharat Assam)

নতুনত্বৰ সন্ধানত বাট বুলা গুৱাহাটীৰ দুই ভগ্নীয়ে ক্লে জুৱেলাৰীৰে স্বাৱলম্বী হৈ আন দহগৰাকীৰ বাবে এই পথ প্ৰশস্ত কৰিছে । গুৱাহাটী মহানগৰীৰ দুই ভগ্নী সংঘমিত্ৰা গোস্বামী আৰু পল্লৱী গোস্বামীয়ে কোনো প্ৰশিক্ষণ নোলোৱাকৈ ২০২২ চনৰ পৰা সৃষ্টি নামেৰে ব্ৰেণ্ড আৰম্ভ কৰি ক্লে জুৱেলাৰীৰে স্বাৱলম্বী হোৱাৰ লগতে আন দুগৰাকী যুৱতীকো সংস্থাপনৰ বাট মোকলাই দিছে । তেওঁলোকে বনোৱা অলংকাৰ দিল্লী, মুম্বাই, কলকাতা, মথুৰা, পুনেৰ লগতে দেশৰ বিভিন্ন স্থানত বিক্ৰী হৈছে । তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, ডেনমাৰ্ক, নেদাৰলেণ্ড আদিলৈও অলংকাৰ প্ৰেৰণ কৰিছে এই দুই ভগ্নীয়ে । তেওঁলোকে গুৱাহাটীৰ লগতে দিল্লীত বিভিন্ন প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰিছে ।

কেনেদৰে আৰম্ভ হৈছিল ব্যৱসায় ?

তেওঁলোকৰ এই ব্যৱসায় সন্দৰ্ভত স্বত্বাধিকাৰী সংঘমিত্ৰা গোস্বামীয়ে কয়, "ক্ৰাফটৰ কাম কৰাৰ সৰুৰে পৰাই নিচা আছিল । কিন্তু বিয়াৰ পিছত ঘৰুৱা কামত ব্যস্ত হৈ থাকিলো । ল'ৰাৰ প্ৰজেক্টৰ কাম কৰোতে ঘৰতে কাণফুলি এযোৰ বনাই চাইছিলো । প্ৰথমতে সেই এযোৰ যি কাণফুলি বনাইছিলো তাৰ পিছতে কাণফুলিযোৰ দেখি বহু অৰ্ডাৰ আহিল । তেতিয়াৰে পৰা আজিৰ এই পৰ্যায়ত উপনীত হৈছো । অলংকাৰ বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ দক্ষিণ ভাৰত, পশ্চিমবংগ আদিৰ পৰা অনা হয় ।" মানুহৰ ইচ্ছা আৰু হেঁপাহ থাকিলে সকলো কাম কৰিব পৰা যায় বুলি তেওঁ মন্তব্য কৰে ।"

দুই ভগ্নী ক্লে জুৱেলাৰীৰে স্বাৱলম্বী (ETV Bharat Assam)

আনগৰাকী স্বত্বাধিকাৰী পল্লৱী গোস্বামীয়ে কয়, "২০২২ চনত আমি সৃষ্টি আৰম্ভ কৰিছিলো । প্ৰথমে আমি ঘৰুৱাভাৱে আৰম্ভ কৰিছিলো । এবছৰমান পিছৰে পৰা ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছিলো । চানমাৰীৰ নিজৰাপাৰৰ অৰ্জুন পথত ভাৰাঘৰ এটাত ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছো । প্ৰস্তুত কৰা অলংকাৰবোৰ ছ'চিয়েল মিডিয়া যোগে বিক্ৰী কৰাৰ উপৰি গুৱাহাটী আৰু দিল্লীত প্ৰদৰ্শনীও কৰি আহিছো । আমি বনোৱা অলংকাৰবোৰৰ ভিতৰত গছ ফুটা, কপৌফুল, শেৱালী ফুলৰ আৰ্হিৰ অলংকাৰৰ চাহিদা অধিক ।"

দুই ভগ্নী ক্লে জুৱেলাৰীৰে স্বাৱলম্বী (ETV Bharat Assam)

তেওঁ লগতে কয়, "প্ৰথম অৱস্থাত কাণফুলি বনাইছিলো যদিও পিছলৈ অলংকাৰৰ ছেটবোৰ বনাবলৈ আৰম্ভ কৰিলো । প্ৰতিযোৰ কাণফুলি ৫০ টকাৰ পৰা ৪০০ টকালৈ আৰু অলংকাৰৰ ছেটবোৰ ৪৫০ৰ পৰা ২৫০০ টকালৈ আছে । বিহু আৰু পূজাৰ সময়ত অৰ্ডাৰ বেছিকৈ আহে । দুমাহৰ আগৰ পৰা বিহু আৰু পূজাৰ অৰ্ডাৰ ল'বলৈ আৰম্ভ কৰা হয় । এইবাৰো বিহুৰ বাবে অৰ্ডাৰ বহু আহিছে । আমি উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত ফুলৰ আৰ্হিত অলংকাৰবোৰ বনাও । অলংকাৰবোৰৰ প্ৰতি গ্ৰাহকৰ সহাৰিও যথেষ্ট ভাল পাইছো । "

লগতে পঢ়ক :চিনাকী নিমকীৰ সফলতাৰ অচিনাকী কাহিনী - DIBRUGARH BUSINESS WOMEN

এদিন অসম এৰি গুচি গৈছিল বিৰিণাবাৰীৰ ৰণজিৎ কলিতাও... আৰু আজি ? - JUJUBE CULTIVATION

Last Updated : March 1, 2025 at 3:02 PM IST