বকো, 24 জানুৱাৰী:কামৰূপ জিলাৰ 28 নং বকো ছয়গাঁও বিধানসভা সমষ্টিত মঙলবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে । নতুন সমষ্টিটোত 46, 819 গৰাকী নতুন হিতাধিকাৰীৰ ভিতৰত মঙলবাৰৰ দিনটোত 12,090 গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে । নিৰ্বাচনী আয়োগে নতুনকৈ নিৰ্ধাৰণ কৰা বিধানসভা সমষ্টিটোৰ বনগাঁও 'শান্তি নিজৰা প্ৰেক্ষাগৃহ'ত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ৰেচনকাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰি ৰেচন কাৰ্ড লাভ কৰা মহিলাসকলে পৰ্যায়ক্ৰমে চৰকাৰৰ অৰুণোদই, প্ৰধানমন্ত্ৰী আৱাসগৃহ আৰু পাঁচ লাখ টকাৰ চিকিৎসাৰ সুবিধা থকা ভাৰত আয়ুস্মান কাৰ্ড লাভ কৰিব বুলি কয় ।
ৰেচন কাৰ্ডৰ ক্ষেত্ৰত কোনোবাই এটা ফুটাকড়িও উৎকোচ গ্ৰহণ কৰিলে চৰকাৰে ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মধ্যভোগীলৈ তীব্ৰ সকিয়নী দিয়ে । নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা মহিলাসকলে অহা 31 জানুৱাৰীৰ ভিতৰত সুলভ মূল্যৰ দোকানত চাউল লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জনায় । আনহাতে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ৰেচন কাৰ্ড আমাৰ অস্ত্ৰ বুলি ভাষণত উল্লেখ কৰি ৰেচন কাৰ্ডৰ বাবে এক টকাও দিব নালাগে বুলি হিতাধিকাৰীক কয় । সজাগতাৰ অভাৱত বৰ্তমানেও বহু দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড পোৱাৰ পৰা বঞ্চিত হৈ আছে বুলি ওজাই কয় ৷