অসম

assam

গোলাঘাটত একেলগে আছু এৰিলে তিনি শতাধিক সদস্যই

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 5:35 PM IST

AASU Leaders Resigns: গোলাঘাটত আছুৰ পৰা পদত্যাগ জিলা ছাত্ৰ সন্থাৰ অপসাৰিত সভাপতি-সাধাৰণ সম্পাদকৰ লগতে প্ৰায় তিনি শতাধিক আছু কৰ্মীৰ ৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰি সংবাদমেল সম্বোধন কৰে পদত্যাগী নেতা-কৰ্মীসকলে ৷

AASU Leaders Resigns
গোলাঘাটত আছুৰ পৰা পদত্যাগ তিনি শতাধিকৰ

আছুৰ পৰা তিনি শতাধিকৰ পদত্যাগ

গোলাঘাট, 7 ফেব্ৰুৱাৰী : ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় সংগঠন ঐতিহাসিক সদৌ অসম ছাত্ৰ সন্থাত পদত্যাগৰ ঢৌ ৷ এইবাৰ গোলাঘাটত সংগঠনটোৰ পৰা পদত্যাগ কৰিলে জিলা ছাত্ৰ সন্থাৰ কেইবাজনো বিষয়ববীয়াৰ লগতে বহু আছু কৰ্মীয়ে ৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আছুৰ পৰা পদত্যাগ কৰিলে জিলা ছাত্ৰ সন্থাৰ অপসাৰিত সভাপতি, সাধাৰণ সম্পাদককে ধৰি কেইবাখনো আঞ্চলিক ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়া আৰু কৰ্মীয়ে ৷

জিলাখনৰ প্ৰায় তিনি শতাধিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই আছুৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি বুধবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি পদত্যাগী আছু নেতা গীতাৰ্থ শইকীয়া আৰু বিশ্বজিৎ গগৈয়ে কয় যে, পৰম্পৰা অনুযায়ী জিলা ছাত্ৰই ভোগালী বিহু উৰুকাৰ দিনা আয়োজন কৰা ভোজ-ভাতলৈ ৰাজনৈতিক ব্যক্তিক নিমন্ত্ৰণ কৰাৰ অভিযোগত এবছৰৰ বাবে তেওঁলোকক জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অপসাৰিত কৰিছিল কেন্দ্ৰীয় সমিতিয়ে ৷ কিন্তু ৰাজনৈতিক ব্যক্তিক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ কথা জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতিগৰাকীকো জনোৱা হৈছিল ৷

লগতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা জিলা ছাত্ৰ সন্থাৰ উপদেষ্টাজনেও ৰাজনৈতিক দলৰ ব্যক্তিক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিল বুলি উল্লেখ কৰে তেওঁলোকে ৷ কিন্তু এই ক্ষেত্ৰত যদি তেওঁলোকে ভুল কৰিছিল, কেৱল জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদককে কিয় দায়িত্বৰ পৰা অপসাৰণ কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে দুয়োজনে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেইবাগৰাকীও জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে কেইবাখনো আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে সংগঠনটোৰ পৰা পদত্যাগ কৰে ৷ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি আছুৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অপসাৰিত সভাপতি গীতাৰ্থ শইকীয়া আৰু অপসাৰিত সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈয়ে ৷

সদ্য পদত্যাগী আছুৰ সদস্যৰ দাবী যে, কেন্দ্ৰীয় নেতৃত্বই একনায়কত্ববাদীভাৱে গোলাঘাট জিলাৰ অপসাৰিত সভাপতি আৰু সাধাৰণ সম্পাদকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ লগতে আছুৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদকক সংবাদমেলত প্ৰত্যাহ্বানো জনায় সদ্য পদত্যাগী আছু নেতাসকলে ৷

লগতে পঢ়ক :মাধ্যম বিতৰ্ক : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ ১৩ ঘন্টীয়া অনশন

ABOUT THE AUTHOR

...view details