ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰত বাহৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
প্ৰতিকূল বতৰৰ বাবে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৷ তেজপুৰত বায়ুসেনাৰ অতিথিশালত বাহৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ৷
Published : October 30, 2024 at 5:27 PM IST
তেজপুৰ: দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বুধবাৰে পুৱা উপস্থিত হয় তেজপুৰ বায়ুসেনা বিমানবন্দৰত । ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ দুদিনীয়া কাৰ্যসূচী লৈ আহিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং ৷ কিন্তু প্ৰতিকূল বতৰৰ বাবে টাৱাং ভ্ৰমণ বাতিল কৰি তেজপুৰত অৱতৰণ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে । তেজপুৰ বায়ুসেনাৰ বিমানবন্দৰত অৱতৰণ কৰি বায়ুসেনা বাহিনীৰ অতিথিশালত বাহৰ পাতে মন্ত্ৰীগৰাকীয়ে ৷
বৃহস্পতিবাৰে বতৰ ভালে থাকিলে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী টাৱাঙত উপস্থিত হৈ সেনা জোৱানসকলৰ লগত মত বিনিময় কৰাৰ সম্ভাৱনা আছে । পূৰ্বতে সেনাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত থকা ভাৰতীয় সেনাৰ জোৱানসকলৰ লগত দীপাৱলী উদযাপন কৰিব । ইয়াৰ বাবে ইতিমধ্যে টাৱাঙত সেনাৰ তৰফৰ পৰা প্ৰস্তুতি সম্পন্ন কৰা হৈছে । প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ ভাৰত-চীন সীমান্ত টাৱাং ভ্ৰমণ দুয়োখন দেশৰ পূব প্ৰান্তৰ সীমান্তত সেনা আঁতৰোৱাৰ আৰু একেলগে সীমান্তত পহৰা দিয়াৰ সিদ্ধান্তৰ সময়ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।
অৰুণাচল প্ৰদেশলৈ যোৱাৰ পূৰ্বে ৰাজনাথ সিঙে এক্সত পোষ্ট কৰে এনেদৰে, "দুদিনীয়া অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বাবে নতুন দিল্লীৰ পৰা টাৱাঙলৈ ৰাওনা । সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰিবলৈ আৰু ভাৰতীয় সেনাবাহিনীৰ সাহসী বিষয়া মেজৰ ৰালেংনাও বব খাথিঙৰ প্ৰতি উৎসৰ্গিত সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী ।"
অৱশ্যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ পৰৱৰ্তী ভ্ৰমণ সম্পৰ্কে সেনাবাহিনী তথা প্ৰতিৰক্ষা মুখপাত্ৰৰ সূত্ৰত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই । বৰ্তমান তেওঁ তেজপুৰ বায়ুসেনাৰ বিমান ঘাটিত বাহৰ পাতি আছে । ই টিভি ভাৰতৰ তৰফৰ পৰা তেজপুৰ, গুৱাহাটী আৰু শ্বিলঙৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰৰ লগত যোগাযোগৰ চেষ্টা কৰাৰ পিছতো বিশেষ খবৰ বৰ্তমানলৈকে পোৱা হোৱা নাই ।
লগতে পঢ়ক:সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে