অসম

assam

ধোনী যুগৰ অৱসান, ৰুতুৰাজ গায়কোৱাড় চিএছকেৰ নতুন অধিনায়ক - IPL 2024

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 5:17 PM IST

IPL 2024 : ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ আই পি এল 2024 ৷ উদ্বোধনী মেচৰ পূৰ্বে সলনি হ’ল CSKৰ অধিনায়ক ৷ ৰুতুৰাজ গায়কোৱাড়ক চিএছকেৰ অধিনায়কত্ব হস্তান্তৰ কৰিলে হালধীয়া দলটোক পাঁচবাৰ আই পি এলৰ চেম্পিয়নৰ খিতাপ উপহাৰ দিয়া কিম্বদন্তী অধিনায়ক এম এছ ধোনীয়ে ৷

IPL 2024
ধোনী যুগৰ অৱসান, ৰুতুৰাজ গায়কোৱাড়ক চিএছকেৰ নতুন অধিনায়ক

স্পৰ্টছ ডেস্ক, 21 মাৰ্চ :২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব তীব্ৰ উৎকণ্ঠাৰে ভৰা আই পি এল 17তম সংস্কৰণ । অহা ৭ এপ্ৰিললৈকে চলিব এই আই পি এলৰ মহাৰণ । এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল ২২ মাৰ্চত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব ।

ইফালে উদ্বোধনী মেচৰ পূৰ্বে সলনি হ’ল CSKৰ অধিনায়ক ৷ বৃহস্পতিবাৰে ৰুতুৰাজ গায়কোৱাড়ক চিএছকেৰ অধিনায়কত্ব হস্তান্তৰ কৰিলে এম এছ ধোনীয়ে ৷ ধোনীৰ অধিনায়কত্বত দলটোৱে পূৰ্বে পাঁচবাৰকৈ খিতাপ অৰ্জন কৰিছিল ৷

এই ঘোষণাৰ পিচতে চিএচকে অনুৰাগীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কিয়নো সকলো অনুৰাগীয়ে এম এছ ধোনীয়ে দলটোৰ নেতৃত্ব দিব বুলি আশা কৰিছিল ।

অৱশ্যে, ৰুতুৰাজে পূৰ্বৰ সংস্কৰণবোৰত ধাৰাবাহিকভাৱে উন্নত মানৰ খেল প্ৰদৰ্শন কৰি আহিছিল আৰু দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ ইয়াৰ পিচতে ৰুতুৰাজক অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

ৰুতুৰাজে পূৰ্বৰ খেলত ৪২.১৪ গড়ৰ সৈতে ৫৯০ ৰাণ সংগ্ৰহ কৰিছিল ৷ পূৰ্বতেও ৰুতুৰাজে তেওঁৰ ঘৰুৱা দল মহাৰাষ্ট্ৰৰ অধিনায়কত্ব কৰাৰ অভিজ্ঞতা আছে ৷ ইয়াৰ লগতে তেওঁ এছিয়ান গেমছত ৰাষ্ট্ৰীয় দলক নেতৃত্ব দিছে ।

মন কৰিবলগীয়া যে ধোনীয়ে তেওঁৰ কাৰ্যকালত দলটোক পাঁচটা খিতাপ দিয়াবলৈ সক্ষম হৈছিল আৰু এতিয়াৰে পৰা তেওঁ নিজৰ খেলুৱৈ জীৱনৰ অৰ্জিত অভিজ্ঞতাখিনি পৰামৰ্শ ৰূপে দলৰ যুৱক খেলুৱৈসকলক প্ৰদান কৰি পথ প্ৰদৰ্শৰ ভূমিকা ল’ব।

অৱশ্যে এয়াই প্ৰথম উদাহৰণ নহয় যেতিয়া চিএচকেই ধোনীৰ ঠাইত দলৰ দায়িত্বভাৰ আন কাৰোবাক অৰ্পণ কৰিছে ৷ ২০২২ চনত ধোনীয়ে ৰবীন্দ্ৰ জাদেজাক বেটনটো আগবঢ়াই দিছিল। অৱশ্যে, জাদেজা প্ৰথম আঠখন খেলৰ বাবে দলটোৰ অধিনায়ক আছিল কিন্তু যেতিয়া দলৰ ফলাফল আশাৰ বিপৰীতে যাবলৈ আৰম্ভ কৰিছিল, ধোনী পুনৰ অধিনায়কৰ ভূমিকাত অৱতীৰ্ণ হ’ব লগা হৈছিল। স্মৰ্তব্য যে কেইদিনমান আগতে, এম.এছ. ধোনীয়ে তেওঁ পালন কৰা ভূমিকাৰ সম্ভাব্য পৰিৱৰ্তনৰ ইংগিত দিছিল

উল্লেখ্য যে, আই পি এলৰ লীগ পৰ্যায়ত ১০ টা দলে মুঠ ২১ খন মেচ খেলিব লাগিব । এনে পৰিস্থিতিত ৬ টা দলে ৪-৪ মেচ খেলিব ৷ আনহাতে গুজৰাট টাইটানছ, দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ দলে ৫-৫ মেচ খেলিব আৰু কলকাতা নাইট ৰাইডাৰ্ছ দলে মুঠ ৩ খন খেলহে খেলিব ।

লগতে পঢ়ক:২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ABOUT THE AUTHOR

...view details