এইখন যুঁজ অসম আৰু সাম্প্ৰদায়িক ভাৰতৰ মাজত হোৱা যুঁজ : ভূপেন বৰা - INDI ALLIANCE ELECTION CAMAPIGN
Jorhat Lok Sabha constituency : ভৱিষ্যত দেশৰ প্ৰধানমন্ত্ৰী গৌৰৱ গগৈ হ'ব বুলি দাবী ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷ সমাগত সাধাৰণ নিৰ্বাচন সন্দৰ্ভত কেবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ।
Published : April 8, 2024 at 8:36 AM IST
|Updated : April 8, 2024 at 9:13 AM IST
যোৰহাট, 8 এপ্ৰিল :"লোকসভাৰ নিৰ্বাচনত অসমক প্ৰতিনিধিত্ব কৰিছে যোৰহাটে ৷ এইখন গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজৰ যুজঁ নহয়, এইখন যুঁজ অসম আৰু দিল্লীৰ যুঁজ । অসমক প্ৰতিধিনিত্ব কৰিছে যোৰহাটে আৰু দিল্লীক প্ৰতিধিনিত্ব কৰিছে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদে ।’’ যোৰহাটৰ লহপহীয়া চাহ বাগিছাত দেওবাৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ।
‘‘এইখন যুঁজ যোৰহাটৰ মাজত নহয় ৷ এইখন যুঁজ অসম আৰু সাম্প্ৰদায়িক ভাৰতৰ মাজত হোৱা যুঁজ ৷ এই যুঁজত অসম জিকিবনে বিজেপি জিকিব ৷ অৰ্থাৎ অসমীয়া জিকিবনে আৰ এছ জিকিব ৷’’ তেওঁ কয় ৷
আনহাতে একেখন নিৰ্বাচন প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈক যোৰহাটবাসীয়ে জয়ী কৰাবই বুলি দাবী কৰে । গৌৰৱ গগৈৰ প্ৰতি অসমবাসীৰ আৰ্শীবাদ আছে বুলি উল্লেখ কৰি গৌৰৱ গগৈক জয়ী কৰি পঠিওৱাৰ সৈতে অসমৰ আত্মসন্মান জড়িত হৈ আছে বুলি বিধায়ক গগৈয়ে উল্লেখ কৰে ৷
লগতে বিধায়ক অখিল গগৈয়ে কয়, "শিৱসাগৰ সমষ্টিৰ পৰা 30 হাজাৰৰো অধিক ভোটত জয়ী হ'ব গৌৰৱ গগৈ । বিজেপিয়ে ভাবিছে মাজুলীত তেওঁলোকে ভাল ফলাফল লাভ কৰিব বুলি ৷ মই কথা দিছো ৷ অৰ্থাৎ আপোনালোকে লিখি ৰাখক মাজুলী সমষ্টিত গৌৰৱ গগৈয়ে লীড ল'ব । যদি কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ গঠন হয়, তেতিয়াহ’লে প্ৰধানমন্ত্ৰীৰ পিছতে গৌৰৱ গগৈয়ে মন্ত্ৰী পদ পাব আৰু ভৱিষ্যতে গৌৰৱ গগৈ দেশৰ প্ৰধানমন্ত্ৰী হ'ব ।"
সমাগত নিৰ্বাচনৰ বাবে এক গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি হিচাপে বিবেচিত হোৱা যোৰহাট লোকসভা সমষ্টিত তাৎপযপূৰ্ণভাবে কেন্দ্ৰীয় নেতৃত্বৰ পৰামৰ্শ অনুসৰি বিজেপিৰ কেন্দ্ৰীয় পৰ্যায়ৰ উচ্চপদস্থ দলে বাহৰ পাতি সকলো দিশ পৰ্যবেক্ষণ কৰি আছে ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ এটাই চিন্তা ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব : ভূপেন বৰা - Lok sabha Election 2024