অসম

assam

ETV Bharat / international

বাংলাদেশৰ সংকটত জড়িত থকাৰ অভিযোগ নস্যাৎ আমেৰিকাৰ - WHITE HOUSE ON BANGLADESH

Bangladesh crisis: বাংলাদেশৰ সংকটত আমেৰিকাৰ ভূমিকা থকা বিষয়ক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে হোৱাইট হাউছে মুখ খুলিছে । এই অভিযোগবোৰক মিছা আখ্যা দিছে হোৱাইট হাউছৰ প্ৰেছ সচিব কাৰিনে জিন-পিয়েৰে ।

Bangladesh crisis
বাংলাদেশৰ সংকটত জড়িত থকাৰ অভিযোগ নস্যাৎ আমেৰিকাৰ (AP Photos)

By ETV Bharat Assamese Team

Published : August 13, 2024 at 1:20 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ আগষ্ট:বাংলাদেশৰ পৰিস্থিতি আৰু ক্ষমতাৰ পৰা বহিষ্কাৰ কৰাৰ আঁৰত আমেৰিকাৰ ষড়যন্ত্ৰ আছে বুলি শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অভিযোগ কৰিছিল । কিন্তু হোৱাইট হাউছে বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অভিযোগ কঠোৰভাৱে খণ্ডন কৰে ।

হোৱাইট হাউছৰ প্ৰেছ সচিব কাৰিনে জিন-পিয়েৰে সোমবাৰে সংবাদমেলত কয়, "আমাৰ কোনো ধৰণৰ অংশগ্ৰহণ নাছিল । আমেৰিকা চৰকাৰ এই বিষয়বোৰত জড়িত আছিল বুলি যিকোনো প্ৰতিবেদন বা বাতৰি সম্পূৰ্ণ মিছা । এয়া সঁচা নহয় ।"

উল্লেখ্য যে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি শ্বেখ হাছিনাই অভিযোগ কৰিছিল যে আমেৰিকাই ছেইণ্ট মাৰ্টিন দ্বীপৰ সাৰ্বভৌমত্ব বিচাৰিছিল । হাছিনাৰ মতে সেয়া কৰা হ'লে তেওঁ ক্ষমতাত থাকিলহেঁতেন । নিৰ্বাচনৰ পূৰ্বে তেওঁ এই অভিযোগ কৰিছিল আৰু পদত্যাগৰ পিচতো হাছিনাই উল্লেখ কৰিছে যে বিদেশীসকলে ছেইণ্ট মাৰ্টিনৰ ওপৰত সাৰ্বভৌমত্ব বিচাৰিছিল ।

শ্বেখ হাছিনাৰ পুত্ৰৰ প্ৰতিক্ৰিয়া:

অৱশ্যে শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে তেওঁৰ মাতৃয়ে এনে মন্তব্য কৰাৰ কথা অস্বীকাৰ কৰিছে । ছাজিব ৱাজেদে এক্সৰ এটা পোষ্টত লিখিছে, "শেহতীয়াকৈ বাতৰি কাকতত প্ৰকাশিত মোৰ মাতৃৰ পদত্যাগৰ বিবৃতিটো সম্পূৰ্ণৰূপে মিছা আৰু মনে সজা । মই এইমাত্ৰ তেওঁৰ সৈতে কথা পাতি নিশ্চিত কৰিছো যে তেওঁ ঢাকা এৰি যোৱাৰ পূৰ্বে বা পিচত এনে কোনো বিবৃতি দিয়া নাছিল ।"

হোৱাইট হাউছে কয় যে, ভৱিষ্যৎ নিৰ্ণয় কৰাটো বাংলাদেশৰ লোকসকলৰ তেওঁলোকৰ অধিকাৰ । জিন-পিয়েৰে কয় যে বাংলাদেশী ৰাইজে তেওঁলোকৰ চৰকাৰৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰা উচিত । তেওঁৰ মতে এই অভিযোগবোৰ সম্পূৰ্ণ মিছা ।

লগতে পঢ়ক :হাছিনাৰ অভিযোগ আৰু ছেইণ্ট মাৰ্টিন দ্বীপৰ ভূ-কৌশলগত গুৰুত্ব - Importance of St Martin Island