অসম

assam

ETV Bharat / health

ডায়েবেটিছ ৰোগীয়ে ৰাইতাৰ সৈতে মিহলাই খাওক মেথিৰ পাত, ৰক্তশৰ্কৰা হ’ব নিয়ন্ত্ৰণ

Diabetes Control Tips: ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা আৰু দৈনন্দিন খাদ্যত এনেবোৰ বস্তু অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয় যিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে । আজি এই বিষয়ে বিতংভাৱে জানো আহক-

Diabetic patients should eat fenugreek leaves mixed with raita, sugar can be controlled
ডায়েবেটিছ ৰোগীয়ে ৰাইতাৰ সৈতে মিহলাই খাওক মেথিৰ পাত, ৰক্তশৰ্কৰা হ’ব নিয়ন্ত্ৰণ

By ETV Bharat Assamese Team

Published : March 1, 2024 at 5:18 PM IST

সমগ্ৰ বিশ্বতে মধুমেহ ৰোগ দ্ৰুতগতিত বাঢ়িবলৈ আৰম্ভ কৰিছে ৷ ভাৰতকে ধৰি বহু দেশত বিভিন্ন প্ৰান্তত ডায়েবেটিছ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷ এইটো এটা জটিল ৰোগ, য’ত ৰোগীয়ে সদায় নিজৰ ৰক্তশৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰি থাকিব লাগে ৷ এনে পৰিস্থিতিত অলপ অসাৱধানতাই আপোনাৰ জীৱনলৈ বিপদ মাতিব পাৰে কাৰণ ই বৃক্কৰ ৰোগ, হাৰ্ট এটেক আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ৷ সেয়ে ৰোগীয়ে এনে খাদ্য বাছি ল’ব লাগে যিবোৰে গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে ৷

বিশেষজ্ঞই দিলে গুৰুত্বপূৰ্ণ পৰামৰ্শ

এই সন্দৰ্ভত খাদ্য বিশেষজ্ঞই কয় যে, ডায়েবেটিছ ৰোগীৰ বাবে ৰাইতা সেৱন অতি উপকাৰী, কেৱল ইয়াত মেথি পাত মিহলাই ল’ব লাগিব ৷ ইয়াৰ দ্বাৰা শৰীৰত কেনে উপকাৰিতা সাধন হয় জানো আহক-

-মেথি পাতৰ জৰিয়তে খাদ্যৰ সুগন্ধি বৃদ্ধি পায় ৷ ইয়াত পটাছিয়াম, কেলচিয়াম, আইৰণ, মেংগানিজ, ভিটামিন A, ভিটামিন B6, ভিটামিন C, ভিটামিন K, ফলিক এচিড, ৰাইবোফ্লিন আৰু কপাৰ পোৱা যায়, যাৰ বাবে ইয়াক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ই ডায়েবেটিছৰ বিৰুদ্ধেও ফলপ্ৰসূ কাম কৰে কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে দ্ৰৱণীয় আঁহ থাকে যিয়ে কাৰ্বহাইড্ৰেটৰ শোষণ লেহেমীয়া কৰে আৰু তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে ৷

-ইচ্ছা থাকিলে মেথিৰ গুটিও ব্যৱহাৰ কৰিব পাৰে, ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী, যাৰ বাবে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পাব পাৰে ৷

-মধুমেহ ৰোগতো মেথিৰ পানীও অতি উপকাৰী, ইয়াৰ বাবে মেথি গৰম পানীত ৰাতি তিয়াই চেকি পুৱা খালী পেটত খাবলৈ চেষ্টা কৰক ৷ ইচ্ছা কৰিলে পানীত মেথি উতলাই পানী ঠাণ্ডা কৰি পান কৰিব পাৰে ৷

-যদি আপুনি মেথিৰ প্ৰভাৱ বৃদ্ধি কৰিব বিচাৰে তেন্তে ইয়াত আন বহুতো মছলা মিহলাই ল’ব পাৰে ৷ ইয়াৰ বাবে মেথি গুটি পিচি তাৰ গুড়ি বনাই পিছত তাত আমলখি গুড়ি আৰু হালধিৰ গুৰি মিহলাই লওক ৷ এই মিশ্ৰণটো চামুচত লৈ প্ৰতিদিনে তিনিবাৰকৈ খাব লাগে ৷

লগতে পঢ়ক:বয়স অনুসৰি দৈনিক কিমান কেলচিয়ামৰ প্ৰয়োজন হয় ? জানি লওক বিশেষজ্ঞৰ পৰা