মঞ্চত কৰিলে এনে এক অদ্ভূতকাণ্ড, ৰঙাঘৰ পালেগৈ থিয়েটাৰ অভিনেতা
দানৱৰ চৰিত্ৰত অভিনয় কৰা এজন অভিনেতাই মঞ্চতে হত্যা কৰে গাহৰি ৷ জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰতা প্ৰদৰ্শন আৰু বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অভিনেতাজন ।
By PTI
Published : December 3, 2024 at 10:57 AM IST
ভূৱনেশ্বৰ/বেৰহামপুৰ :ৰামায়ণত দানৱৰ চৰিত্ৰত অভিনয় কৰিছিল এজন ৪৫ বছৰীয়া অভিনেতাই ৷ থিয়েটাৰ মঞ্চতে অভিনেতাগৰাকীয়ে এটা গাহৰিৰ পেট ফালি ইয়াৰ মাংস ভক্ষণ কৰে ৷ এই ঘটনাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সোমবাৰে বিধানসভাৰ অধিৱেশনতো এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়া হয় ৷
পিছত এই ঘটনাৰ লগত জড়িত থকা অভিযুক্ত ৪৫ বছৰীয়া অভিনেতাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে উৰিষ্যাৰ গঞ্জাম জিলাত ৷
বিম্বাধৰ গৌড়া নামৰ অভিনেতাজনৰ লগতে ২৪ নৱেম্বৰত হিঞ্জীলি থানা এলেকাৰ ৰালাব গাঁৱত অনুষ্ঠিত হোৱা নাটখনৰ আয়োজককো জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰতা আচৰণ প্ৰদৰ্শন আৰু বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় । শাসকীয় বিজেপিৰ সদস্য বাবু সিং আৰু সনাতন বিজুলীয়ে বিধানসভাত এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে ।
এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয় । পশু অধিকাৰ কৰ্মীসকলেও এই ঘটনাক গৰিহণা দি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।
বেৰহামপুৰৰ সংমণ্ডল বন বিষয়া (ডি এফ অ’) ছানী খোকাৰে কয়, “থিয়েটাৰত সাপ প্ৰদৰ্শন কৰা ব্যক্তিসকলকো আমি বিচাৰি আছো । তেওঁলোককো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব ।” তেওঁ অৱশ্যে ধৃত আয়োজকজনৰ নাম প্ৰকাশ কৰা নাই ।
যোৱা বছৰৰ আগষ্ট মাহত ৰাজ্য চৰকাৰে জাৰি কৰা গাইডলাইন মতে, প্ৰমাণিত সাপ চম্ভালাকে ধৰি সাপৰ ৰাজহুৱা প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছিল । হিঞ্জীলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক শ্ৰীনিবাছ শেথীয়ে কয়, “আমি থিয়েটাৰ অভিনেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছো যিয়ে গাহৰিটোক হত্যা কৰি থিয়েটাৰত ইয়াৰ মাংস খাইছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰিছো ।”
“দৰ্শকক আকৰ্ষিত কৰিবলৈ, থিয়েটাৰৰ গোটে সাপ প্ৰদৰ্শন কৰাৰ লগতে দানৱৰ চৰিত্ৰত অভিনয় কৰা এজনে এটা জীৱিত গাহৰিৰ পেট চুৰিৰে ফালি পেলাইছিল, যিটো মঞ্চৰ চিলিঙত বান্ধি দিয়া হৈছিল আৰু গাহৰিটোৰ কিছুমান অংগ সম্পূৰ্ণ ৰাজহুৱাকৈ খাইছিল ৷” তেওঁ জানিবলৈ দিয়ে ।
উল্লেখ্য যে, গাঁওখনৰ কাঞ্জিয়ানাল যাত্ৰা উপলক্ষে গাঁওবাসীৰ এটা দলে এই থিয়েটাৰৰ আয়োজন কৰিছিল ।